হাফলঙত ৰেডক্ৰছ চ’ছাইটিৰ সজাগতামূলক অভিযান

author img

By

Published : Mar 18, 2020, 8:04 PM IST

হাফলঙত ৰেডক্ৰছ চ’ছাইটিৰ সজাগতামূলক অভিযান

কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে হাফলং চহৰত ৰেডক্ৰছ চ’ছাইটিৰ সজাগতা অভিযান । মঙ্গলবাৰে ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটিৰ সদস্যসকলে সমগ্ৰ হাফলং চহৰ আৰু বজাৰসমূহত কৰ’ণা ভাইৰাছ নিৰ্মূলক লৈ মানুহৰ মাজত সজাগতা বৃদ্ধিৰ কাৰণে এক সজাগতামূলক অভিযান চলায় ৷

হাফলং, 18 মাৰ্চঃ বিশ্বৰ সকলো ঠাইতে এতিয়া কৰ’ণা ভাইৰাছৰ আতংক ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ডিমা হাছাও জিলাতো কৰ’ণা ভাইৰাছৰ বাবে দোকান-পোহাৰ আৰু সমগ্ৰ চহৰ প্ৰায় জনশূন্যহীন হৈ পৰিছে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে সমগ্ৰ ডিমা হাছাও জিলা বন্ধৰ নিৰ্দেশ দিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদে

হাফলঙত ৰেডক্ৰছ চ’ছাইটিৰ সজাগতা অভিযান

মঙ্গলবাৰে ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটিৰ সদস্যসকলে সমগ্ৰ হাফলঙত কৰ’ণা ভাইৰাছ নিৰ্মূলক লৈ এক সজাগতামূলক অভিযান চলায় ৷ ইয়াৰোপৰি স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহেও COVID-19ৰ প্ৰতিৰোধক লৈ ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত সজাগতা অভিযান চলাই আছে ৷

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছ লৈ সতৰ্কতা অবলম্বনৰ আহ্বান যোৰহাট জিলা উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.