বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণাৰ দাবীত ডিফুত আছুৰ বিক্ষোভ

author img

By

Published : Jun 30, 2022, 4:58 PM IST

aasu prottest at diphu on flood and erosion problem

প্ৰতিবাদত কঁপিল ডিফু(Protest at Diphu) । বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ লগতে বানাক্ৰান্তক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰাৰ দাবীত আছুৱে ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী(ASSU protest demanding adequate assistance to flood affected people) ।

ডিফু,৩০ জুন: বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান কৰা আৰু বানাক্ৰান্তক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰাৰ দাবীত আজি ৰাজ্যৰ সদৰস্থান সমূহত আছুৱে ৰূপায়ণ কৰিছে বিক্ষোভ কাৰ্যসূচী(Protest at Diphu) ৷ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পাৰ্কৰ সন্মূখত আছুৰ কাৰ্বি আংলং জিলা সমিতিয়ে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰাৰ দাবীত ডিফুত আছুৰ বিক্ষোভ

প্ৰতিবাদকাৰীসকলে 'বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, বানাক্ৰান্তক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰক, বিজেপি গ'বেক, হিমন্ত বিশ্ব শৰ্মা হায়, হায়' আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে(ASSU protest demanding adequate assistance to flood affected people) ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি আছুৰ ৰাজ্যিক সদস্য ছৰ্জোন হাঞ্চেই সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কয় যে, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বান সমস্যা সমাধান কৰিবলৈ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতিতেই স্থৱিৰ হৈ ৰয় ৷ পৰৱৰ্তী সময়ত প্ৰতিশ্ৰুতি সমূহ পূৰণ নকৰে ৷

ৰাষ্ট্ৰীয় নেতা সকলে টুইটাৰ-ফেচবুকতে পষ্ট দিয়ে যদিও বানপানীৰ স্থায়ী সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰে ৷ বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধান নকৰালৈকে আছুৱে আন্দোলন চলাই থাকিব বুলি হুংকাৰ দিয়ে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি দীপজ্যোতি মালি, সাধাৰণ সম্পাদক অৰ্ণৱজ্যোতি কাকতিও উপস্থিত থাকে ৷

লগতে পঢ়ক: বিহালীৰ বৰগাঙত শিশু সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.