ধনশ্ৰী নদীত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Sep 21, 2022, 7:47 AM IST

unidentified body rescued in Dhanashree river

ধনশ্ৰী নদীৰ ঘাটত অৰ্ধগলিত অৱস্থাত অচিনাক্ত যুৱকৰ এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে (Body rescued in Udalguri) ৷ আৰক্ষীয়ে বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই ৷

ৰৌতা, 21 ছেপ্টেম্বৰ: ওদালগুৰি জিলাৰ ধনশ্ৰী নদীৰ ঘাটত অৰ্ধগলিত অৱস্থাত অচিনাক্ত যুৱকৰ এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে (Body rescued in Udalguri) ৷ ধনশ্ৰী নদীৰ সমীপৰ দলঙৰ কাষতে উবুৰি খাই পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো (unidentified body rescued in Dhanashree river) ৷

মঙলবাৰে বিয়লি ২ বজাত স্থানীয় লোকে নদীৰ পাৰত উবুৰি খাই থকা এটা মৃতদেহ প্ৰত্যক্ষ কৰি প্ৰথমে ধনশ্ৰীঘাট গাঁওৰক্ষী বাহিনীৰ সম্পাদক গদাধৰ শৰ্মাক খবৰ দিয়ে ৷ লগে লগে সম্পাদক গৰাকীয়ে ওৰাং আৰক্ষীক এই কথা অৱগত কৰে ৷

ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবীন্দ্ৰ ৰাভাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেটো উদ্ধাৰ কৰে (Orang police rescued body)৷ ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে, অৰ্ধগলিত যুৱকজনৰ মৃতদেহটো ক’ৰ পৰা আহি কেনেকৈ ধনশ্ৰী নদীৰ দলঙৰ কাষত পৰি থাকিল এই সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ কোনো লোকে যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷

আৰক্ষীয়ে বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই ৷ মৃত যুৱকজনৰ বয়স অনুমান ৩৬ পৰা ৪০ বছৰ হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক: কাৰ ভুলৰ বাবে জাকে জাকে গো-ধনৰ মৃত্যু ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.