3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 18, 2022, 3:01 PM IST

top-10-at-3pm

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনত উত্তৰ-পূৰ্বাঞ্চলৰ ৯২ শতাংশ আসন দখলৰ লক্ষ্য বিজেপিৰ

২০২৪ৰ লোকসভা নির্বাচনক লৈ ব্যাপক তৎপৰতা শাসকীয় দলৰ (BJP strategy for upcoming Lok Sabha election)। ৬ কেন্দ্ৰীয় মন্ত্রীক উত্তৰ পূবৰ ৮ ৰাজ্যৰ দায়িত্ব । উত্তৰ-পূবৰ ২৫ টা সমষ্টিৰ ২৩ টা জয়ৰ লক্ষ্যৰে বিশেষ ৰণকৌশল বিজেপিৰ । কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু কিৰেণ ৰিজিজুক অসমৰ সমষ্টিৰ দায়িত্ব । অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খনত জয়ৰ টার্গেট ।

BCCI New Committee: বিচিচিআইৰ নতুন সমিতি, যুটীয়া সম্পাদক পদত দেৱজিৎ শইকীয়া

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) সভাপতি হিচাপে নিৰ্বাচিত হৈছে ৰ'জাৰ বিন্নী (Roger Binny) । অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে আহিছে এক সুখবৰ । অসম ক্ৰিকেট সন্থাৰ (Secretary of Assam Cricket Association) সম্পাদক দেৱজিৎ শইকীয়া বিচিচিআইৰ (Debajit Saikia elected as Joint Secretary of BCCI) যুটীয়া সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

Assam direct recruitment result 2022 : চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে মঙলবাৰে প্ৰকাশ পালে চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাৰ ফলাফল (Assam recruitment exam result)। SEBAৰ ৱেবচাইট www.sebaonline.orgত উপলব্ধ হ'ল ফলাফল । ২৬ হাজাৰ ৬৮২ জন উত্তীৰ্ণ হৈছে পৰীক্ষাত ।

Fire breakout in Barpeta: বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল বিদ্যালয়

বৰপেটা জিলাৰ কোকিলা দক্ষিণপাৰাত মঙলবাৰে পুৱা 7 বজাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Fire breakout in Barpeta) । কোকিলা দক্ষিণপাৰা বেচৰকাৰী শিক্ষানুষ্ঠান জীৱনজ্যোতি এম ই মাদ্ৰাছাত খৰিৰ দমৰ পৰা অগ্নিকাণ্ড সংঘটিত হয় (Fire breakout in a school)। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও বিফল হৈ যদিও পৰৱৰ্তী সময়ত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত বিদ্যালয়ৰ গৃহ সম্পূৰ্ণৰূপে জাহ যায়। কি কাৰণত অগ্নিকাণ্ড সংঘটিত হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

Price hike in Assam: মূল্যবৃদ্ধিত জ্বলাকলা খাইছে জনতাই

ৰাজ্যত শেহতীয়াকৈ হোৱা মূল্যবৃদ্ধিত শংকিত হৈ পৰিছে সাধাৰণ জনতা (Rising prices of daily uses products)। বিভিন্ন খাদ্য সামগ্রীৰ লগতে শাক পাচলিৰ মূল্যবৃদ্ধিক লৈ অস্বস্তিত পৰিছে ৰাইজ । পাচলিৰ বজাৰত এতিয়া লাগিছে জুই (Price hike in Golaghat) ৷ জিকা, ভাতকেৰেলা, কেৰেলা,জলকীয়া ,অমিতা, বিলাহী আদি দৈনন্দিন ব্যৱহাৰ্য পাচলিৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব ৷ পাচলিৰ চ'ৰা দামে (Price hike of vegetables) এতিয়া কন্দুৱাইছে ৰাজ্যবাসীক ৷

DAC Election: দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচন: মনোনয়ন দাখিলপৰ্ব আৰম্ভ

ধেমাজিৰ উপায়ুক্ত কাৰ্যালয়ত দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়নপত্ৰ দাখিল(Deori Autonomous Council election)৷

Helicopter crashes in Kedarnath: কেদাৰনাথত হেলিকপ্তাৰ দুৰ্ঘটনাত 6 জনৰ মৃত্যু

কেদাৰনাথৰ পৰা 2 কিঃমিঃ দূৰত্বত বানেশ্বৰত এখন ব্যক্তিগত প্ৰতিষ্ঠানৰ এখন হেলিকপ্তাৰ দুৰ্ঘটনাত পতিত ৷ এই দুৰ্ঘটনাত 6 গৰাকী লোক নিহত হয় (Helicopter crash in Banswara near Kedarnath )৷

Uncomplete bridge : আজিলৈ সম্পূৰ্ণ হোৱা নাই বঙাইগাঁৱৰ ৪১ কোটি টকীয়া দলং

বিগত ১০ বছৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল বঙাইগাঁও জিলাৰ এখন গুৰুত্বপূৰ্ণ দলঙৰ (Uncomplete bridge in Bongaigaon)। প্ৰায় ৪১ কোটি ব্যয় সাপেক্ষে আই নদীৰ ওপৰত বৰঘোলা-কাহিবাৰী সংযোগী দলঙৰ কাম আজিলৈ সম্পূৰ্ণ নোহোৱাত হাৰাশাস্তি ভূগিছে অঞ্চলটোৰ ৰাইজে (Construction of bridge not completed in 10 years)। ফলস্বৰূপে বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে নিতৌ মৰণত শৰণ দি আই নদীৰ ওপৰেৰে বিপদসংকুলভাৱে নাৱেৰে যাতায়ত অব্যাহত ৰাখিবলগীয়া হৈছে (Transportation problem in Bongaigaon)।

Felicitation meeting: বিশ্বনাথৰ ছেলাইখাতিত সম্বৰ্দ্ধনা সভা

বিশ্বনাথৰ ছেলাইখাতিত উদুলিমুদুলি পৰিবেশৰ মাজত অনুষ্ঠিত হয় সম্বৰ্দ্ধনা সভা(Felicitation meeting at Selaikhati in Biswanath) । আদিবাসী শান্তি চুক্তিত স্বাক্ষৰকাৰী দীপেন নায়কসহ তেঁওৰ সতীৰ্থসকলক ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে সীমান্তবাসী ৰাইজে(Signatory to peace accord Dipen Nayak felicitated) ।

Land scam: মাটি নামজাৰি কৰাৰ নামত চৰকাৰী কৰ্মচাৰীৰ দালালৰাজ

চামগুৰিত নিজৰ পৰিচয় সলনি কৰি দালালগিৰি কৰা এক ঘটনা পোহৰলৈ আহিছে (Land registration scam at Samoguri) ৷ জহিৰুল ইছলাম নামৰ এইগৰাকী চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে মাটি নামজাৰি কৰাৰ বাবদ লাখ লাখ টকা সৰকাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.