ৰৌতা বাগান প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Sep 12, 2022, 2:15 PM IST

Updated : Sep 12, 2022, 4:43 PM IST

Rowta

১০ বজালৈকে শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত নোহোৱাত স্থানীয় ৰাইজ একত্ৰিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে (local people angered for teachers irregularity) । স্থানীয় ৰাইজে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক আগুৰি ধৰি জবাবদিহি কৰে ।

ৰৌতা, ১২ ছেপ্টেম্বৰ : ৰৌতা বাগান প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি (tense situation in Rowta Bagan LP School) । সময়মতে শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত নোহোৱাত স্থানীয় ৰাইজে উত্তপ্ত কৰি তোলে বিদ্যালয় চৌহদ (Teachers irregularity in school attendance) । দীৰ্ঘদিনৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় ৰাইজে ।

আজিও ১০ বজালৈকে শিক্ষক-শিক্ষয়িত্ৰী বিদ্যালয়ত উপস্থিত নোহোৱাত স্থানীয় ৰাইজ একত্ৰিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে (local people angered for teachers irregularity) । স্থানীয় ৰাইজে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক আগুৰি ধৰি জবাবদিহি কৰে ।

ৰৌতা বাগান প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

যিসময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালনৰ ক্ষেত্ৰত কঠোৰ হৈছে, তেনে সময়তে ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত ৰৌতা বাগান প্ৰাথমিক বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কৰ্মকাণ্ডত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে (CM strict in employees duty) ।

প্ৰত্যেক দিনাই শিক্ষকসকল পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । ফলত বিদ্যালয়ৰ কাষতে থকা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি কণ কণ ছাত্ৰ-ছাত্ৰীসকল অনাই-বনাই ঘূৰি ফুৰে । ফলত যিকোনো মুহূৰ্ততে তাত বৃহৎ অঘটন ঘটাৰো সম্ভাৱনা আছে । আনহাতে, আজিও প্ৰধান শিক্ষকসহ সহকাৰী শিক্ষক-শিক্ষয়িত্ৰীসকল বিদ্যালয়ত পলমকৈ উপস্থিত হয় ।

ইফালে স্থানীয় ৰাইজ তথা দল-সংগঠন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে এই সন্দৰ্ভত বাৰম্বাৰ প্ৰধান শিক্ষকগৰাকীক অৱগত কৰি আহিছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে (allegation against SMC president) । কৰ্তব্যত গাফিলতি কৰি কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনক লৈ হেতালি খেলা শিক্ষক-শিক্ষয়িত্ৰীৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

উল্লেখ্য, শেহতীয়াভাৱে ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহক লৈ বিভিন্ন বাক-বিতণ্ডা চলি আছে । চৰকাৰী শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি যোৱা, পৰীক্ষাৰ ফলাফল শোচনীয় হোৱা, শিক্ষক-শিক্ষয়িত্ৰীৰ অনিয়মীয়া উপস্থিতি আদি বিভিন্ন বিষয়ত সমালোচনা চলি আহিছে । তাৰ মাজতে ৰৌতাৰ এইখন চৰকাৰী বিদ্যালয়ৰ এই অৱস্থাই পুনৰবাৰ উদঙাইছে ৰাজ্যত চৰকাৰী শিক্ষা ব্যৱস্থাৰ স্বৰূপ ।

লগতে পঢ়ক :ভিক্টৰ দাস সন্দৰ্ভত লুৰীণ জ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

Last Updated :Sep 12, 2022, 4:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.