অসম অৰুণাচল সীমান্তত গুলীচানলা, নিহত NLFB কেডাৰ

author img

By

Published : Jul 13, 2021, 3:50 PM IST

assam police encounter at assam arunachal border and death a nlfb cader

পুনৰ অসম অৰুণাচল সীমান্ত (Assam-Arunachal Border) গুলীয়াগুলি ৷ অসম অৰুণাচল সীমান্তৱৰ্তী দিমাচাঙৰ ২ নং অন্থাইবাৰীত আৰক্ষীৰ এনকাউন্টাত নিহত এজন এন এল এফ বি (NLFB) কেডাৰ ৷ লগতে নিহত কেডাৰ জনৰ পৰা উদ্ধাৰ বহু আপত্তিজনক নথি-পত্ৰ ৷

ৰৌতা, 13 জুলাই : অসম অৰুণাচল সীমান্তত (Assam-Arunachal Border) পুনৰ উত্তেজনা ৷ আজি অৰ্থাৎ মঙলবাৰে পুৱতি নিশা অসম অৰুণাচল সীমান্তত সংঘটিত হৈছে হৈছে এক অঘটন ৷ প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে নিশা অসম অৰুণাচল সীমান্তৱৰ্তী দিমাচাঙত সংঘটিত হৈছে গুলিচালনাৰ ঘটনা ৷

assam police encounter at assam arunachal border and death a nlfb cader
অসম অৰুণাচল সীমান্তৱৰ্তী দিমাচাঙত গুলীচানলা

ঘটনাৰ বিৱৰণি অনুসৰি মঙলবাৰে পুৱতি নিশা অসম অৰুণাচল সীমান্তৱৰ্তী দিমাচাঙৰ ২ নং অন্থাইবাৰীত আৰক্ষীয়ে চলায় এক অভিযান ৷ এই অভিযানত মাজবাটৰ অসম অৰুণাচল সীমান্তৱৰ্তী দিমাচাঙত আৰক্ষীৰ এনকাউন্টাৰ নিহত হয় এন এল এফ বি (NLFB)ৰ এজন জিলা কামাণ্ডাৰ ৷ জানিব পৰা মতে, আৰক্ষীৰ এনকাউন্টাৰত নিহত হোৱা এন এল এফ বি (NLFB) জিলা কামাণ্ডাৰজনৰ নাম জিপ্ৰিয়ুছ নাৰ্জাৰী ওৰফে এন জাংখালং এ পি ওৰফে জে পি ৷

নিহত জিপ্ৰিয়ুছ নাৰ্জাৰী ওৰফে এন জাংখালং এ পি ওৰফে জে পিৰ বয়স 30 বছৰ বুলি অনুমান কৰা হৈছে ৷

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, নিহত এন এল এফ বি (NLFB) নেতা জনৰ পৰা এটা পিষ্টল, গোলা-বাৰুদ আৰু ১১ জাই সজীৱ গুলি উদ্ধাৰ কৰা হৈছে ৷ লগতে আৰক্ষীয়ে নিহত কেডাৰজনৰ পৰা এটা মানি বেগ, আপত্তিজনক নথি পত্ৰসহ তিনিটা ম’বাইল আৰু এখন দিনলিপিও উদ্ধাৰ কৰে । এই ঘটনাক লৈ সীমান্তত বিৰাজ কৰিছে চেপা-উত্তেজনাই ৷

লগতে পঢ়ক: মাস্ক পৰিধান নকৰাৰ বাবে আৰক্ষীক গণপ্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.