ৰৌতাত গাঞ্জাসহ আৰক্ষীৰ জালত এজন সৰবৰাহকাৰী

author img

By

Published : Jul 29, 2021, 6:16 PM IST

ganaj seized at rowta

ধৃত সৰবৰাহকাৰী জনৰ নাম চেমলা দৈমাৰী বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰী জনৰ পৰা আৰক্ষীয়ে ১০ কেজি নিষিদ্ধ গাঞ্জা সহ এখন মটৰ চাইকেল আৰু এটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে ।

ৰৌতা, ২৯ জুলাই : ৰাজ্যত এতিয়াও অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ (Drugs) বিৰোধী অভিযান । শেহতীয়াকৈ বহু ড্ৰাগছ সৰবৰাহকাৰীক (Drugs peddler) আটক কৰাৰ লগতে নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়ে । কিন্তু তাৰ পিছতো ৰাজ্যজুৰি নিষিদ্ধ সামগ্ৰীৰ বেহা অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ।

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰ ভূমিকাৰ পিছতে নতুন নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহকাৰীসকলে নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ অব্যাহত ৰাখিছে । অৱশ্যে ড্ৰাগছ সৰবৰাহকাৰীৰ এই নতুন কৌশলকো বিফল কৰাৰ বাবে অসম আৰক্ষীয়ে (Assam Police) বিভিন্ন জিলাত অভিযান অব্যাহত ৰাখিছে । বিভিন্ন জিলাৰ লগতে ওদালগুৰি জিলাৰ আৰক্ষীও এই ক্ষেত্ৰত সষ্টম হৈ আছে ।

ganaj seized at rowta
ৰৌতাত গাঞ্জাসহ আৰক্ষীৰ জালত এজন সৰবৰাহকাৰী

জিলাখনৰ ৰৌতা আৰক্ষীয়ে (Rowta Police) বিভিন্ন স্থানত অব্যাহত ৰাখিছে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান । তেনে এক অভিযানৰ মাজতে নিষিদ্ধ গাঞ্জাসহ আটক হৈছে এজন সৰবৰাহকাৰী । ধৃত সৰবৰাহকাৰীজনৰ নাম চেমলা দৈমাৰী বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ১০ কেজি নিষিদ্ধ গাঞ্জাসহ এখন মটৰ চাইকেল আৰু এটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে ।

ganaj seized at rowta
ৰৌতাত গাঞ্জাসহ আৰক্ষীৰ জালত এজন সৰবৰাহকাৰী

এক গোপন খবৰৰ ভিত্তিত বুধবাৰে নিশা ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্জীৰ নেতৃত্বত চলিছিল এই অভিযান । সম্প্ৰতি ৰৌতা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, বিগত কেইটামান মাহত লাখ লাখ টকাৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে । লগতে এই কাৰ্যৰ লগত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছে । শেহতীয়াকৈ অসমৰ ভিন্ন প্ৰান্তত জব্দ কৰা নিষিদ্ধ সামগ্ৰীবোৰ জ্বলাই দিছে অসম আৰক্ষীয়ে ।

লগতে পঢ়ক : নগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী বৃহৎ চক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.