পুনৰ মূল সুঁতিলৈ আহিল এম বাথাৰ NLFB ৰ কেডাৰ

author img

By

Published : Aug 24, 2021, 10:41 PM IST

nlfb-extrimist-group-came-out-to-be-a-part-of-mainstream-following-m-bathas-path

মূল সুঁতিলৈ ঘূৰি আহিল ৬৭ নং এনএলএফবি(67 NLFB)ৰ কেডাৰ ৷ ইয়াৰ পূৰ্বে এম বাথা(M Batha) আৰু বকোৰ নেতৃত্বত ২৩ জনকৈ এনএলএফবি কেডাৰ মূল সুঁতিত চামিল হোৱাৰ অৰ্থে জংঘলৰ পৰা ওলাই আহিছিল ৷

ওডালগুৰি, 24 আগষ্ট : অস্ত্ৰ-শস্ত্ৰ সহ পুনৰ মূল সুঁতিলৈ ঘূৰি আহিল ৬৭ নং এনএলএফবি(67 NLFB)ৰ কেডাৰ সকল । বিগত ২২ জুলাইত ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুনাচল সীমান্তৱৰ্তী লালপানীত এম বাথা(M Batha) আৰু বকোৰ নেতৃত্বত ২৩ জনকৈ এন এল এফ বি কেডাৰে জংঘলৰ পৰা ওলাই আহিছিল ৷ ইয়াৰ পিছতেই মঙলবাৰে পুনৰ ৬৭ গৰাকীকৈ কেডাৰে আকৌ এইদৰে মূল সুঁতিত চামিল হোৱাৰ অৰ্থে ঘন অৰণ্যৰ পৰা ওলাই আহিল ।

ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুনাচল সীমান্তৰ পাহাৰীয়া জংঘলৰ পৰা হাতে হাতে অস্ত্ৰ-শস্ত্ৰ(Arms) লৈ কিয়াজুলিত উপস্থিত হ'ল সংগঠনটোৰ কেডাৰ সকল । সেই স্থানত পূৰ্বৰে পৰা ৰৈ থকা অসংখ্য লোকে হৰ্ষধ্বনিৰে আদৰনি জনায় এনএলএফবি কেডাৰ(NLFB extrimists) সকলক । প্ৰথমে তেওঁলোকে আৰক্ষীৰ বেষ্টনীৰ মাজেৰে প্ৰায় ৩ কিলোমিটাৰ পথ খোজ কাঢ়ি অতিক্ৰম কৰে ৷

পুনৰ মূল সুঁতিলৈ আহিল এম বাথাৰ NLFB ৰ কেডাৰ

ইয়াৰ পিছত আৰক্ষীৰ বাছেৰে কেডাৰ সকলক ওদালগুৰিলৈ লৈ যোৱা হয় । কেডাৰ সকলে নিজৰ সৈতে আঠটা একে চিৰিজ, ২ টা এচ এল আৰ, ২ টা নাইন এম এম পিষ্টল, ৭.২ পিষ্টল ২ টা, হেণ্ড গ্ৰেনেট ৪ টা লৈ ওলাই আহে ।

স্থায়ী শান্তিৰ স্বাৰ্থতে এনএলএফবিৰ কেডাৰ সকল এনেদৰে মুকলি আকাশৰ তললৈ ওলাই অহা বুলি মন্তব্য কৰে ইতিমধ্যে জংঘলৰ পৰা ওলাই অহা সংগঠনটোৰ উপ-সভাপতি বি বকোৱে । উল্লেখ যোগ্য যে মন্ত্ৰী পিযুষ হাজৰিকা(Pizush Hazarika) আৰু বি টি আৰৰ মুখ্যকাৰ্যবাহী সদস্য প্ৰমোদ বড়ো(BTR chief Promod Bodo) আৰু অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং(Assam police special DGP GP Singh)ৰ উপস্থিতিত ওদালগুৰিৰ মাজবাটৰ লালপানীত সংগঠনটোৰ এম বাথা আৰু উপ সভাপতি বি বকো(B Boko)ৰ নেতৃত্বত ২৩ জন কেডাৰে আলোচনাৰ বাবে যুদ্ধবিৰতি(ceasefire) ঘোষণা কৰিছিল ।

লগতে পঢ়ক : নিৰুদ্দেশৰ ছবছৰ পাচত সোঁ-শৰীৰে ঘৰ পালেহি যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.