বন বিভাগৰ অবিবেচকী কাণ্ডত আহত চাৰি

author img

By

Published : Jul 25, 2021, 10:05 PM IST

locals-were-injured-due-to-negligence-of-forest-department

কৌপাটিত প্ৰকাণ্ড গছ কটাৰ ফলত ছিগিল বিদ্যুতৰ তাঁৰ ৷ বিদ্যুতৰ তাঁৰ ৰাস্তাত পৰি থকাত আহত হয় চাৰিজনকৈ লোক । আহত লোককেইজনক খাৰুপেটীয়া চিকিৎসালয়লৈ প্ৰেৰণ ৷

ওদালগুৰি, 25 জুলাই : দৰং-ওদালগুৰিৰ সীমান্তৱৰ্তী অঞ্চল কৌপাটিত বন বিভাগৰ অবিবেচকী কাণ্ড । পথ নিৰ্মাণৰ বাবে প্ৰকাণ্ড গছ কটাৰ ফলত ছিগিল বিদ্যুতৰ তাঁৰ ৷ বিদ্যুতৰ তাঁৰ ৰাস্তাত পৰি থকাত আহত হয় চাৰিজনকৈ লোক । আহত কেইজনক খাৰুপেটীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

এই ঘটনাক কেন্দ্ৰ কৰি কৌপাটিত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । প্ৰাপ্ত তথ্য অনুসৰি, কৌপাটি সাপ্তাহিক বজাৰৰ মাজেৰে চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম চলি আছে ৷ বন বিভাগে অবিবেচকহীনভাৱে পথৰ দাঁতিত থকা প্ৰকাণ্ড গছ কটাৰ ফলত বিদ্যুতৰ তাঁৰ চিঙি পৰাৰ লগতে বাগৰি পৰে কেইবাটাও বিদ্যুতৰ খুঁটা ৷

বিদ্যুতৰ তাঁৰ ছিগি পৰাত আহত হয় চাৰিজনকৈ লোক ৷

কৌপাটিত বন বিভাগৰ গাফিলতিৰ বাবেই আহত হ’ল স্থানীয় লোক

স্থানীয় ৰাইজৰ মতে, বন বিভাগৰ চৰম গাফিলতিৰ বাবেই কৌপাটিত সংঘটিত হয় এই ভয়ানক দুৰ্ঘটনাটো । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই আহত ব্যক্তিসকলক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় খাৰুপেটীয়া অসামৰিক চিকিৎসালয়লৈ ৷ দুৰ্ঘটনাত আহত হোৱা ব্যক্তিসকল ক্ৰমে চন্দ্ৰনা বিশ্বাস, মাম্পি সিংহ, সবিতা সিংহ আৰু ৰঞ্জনা নাথ সিংহ ৷ এই ঘটনাক কেন্দ্ৰ কৰি কৌপাটিত অব্যাহত আছে তীব্ৰ উত্তেজনা ৷

লগতে পঢ়ক: ডকাইতক লগত লৈ আৰক্ষীয়ে উদ্ধাৰ কৰিলে পিষ্টল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.