ডিমাকুছিত কৰম উৎসৱ পালন

author img

By

Published : Sep 12, 2022, 2:05 PM IST

karam festival celebrated in dimakusi

ওদালগুৰি জিলাৰ ডিমাকুছিত ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত ডিমাকুছি আঞ্চলিকৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আয়োজিত কৰম উৎসৱৰ সফল সমাপ্তি (Karam Puja celebrated at Dimakuchi) । ঝুমুৰৰ তালত মুখৰিত হ'ল কৰম পূজাৰস্থলী ।

তামুলপুৰ,১২ ছেপ্টেম্বৰ: আদিবাসী ডেকা-গাভৰুৰ নৃত্য গীতেৰে মুখৰিত ওদালগুৰি জিলাৰ ডিমাকুছি লোকেলোকাৰণ্য কৰম পূজাৰ স্থলী(Karam Puja celebrated at Dimakuchi) ৷ এটি কলি দুটি পাতৰ মাজৰ পৰা ক্ষন্তেক মনোৰঞ্জনৰ বাবে ওলাই আহিল চাহ শ্ৰমিকসকল ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ডিমাকুছি আঞ্চলিক সমিতিৰ সহযোগত দুদিনীয়াকৈ ১০ আৰু ১১চেপ্টেম্বৰত ডিমাকুছিত ২০ সংখ্যক কৰম উৎসৱ সুকলমে অনুষ্ঠিত হৈ যায় ।

পৰম্পৰা মতে আদিবাসী লোকসকলে প্ৰতিবছৰে ভাদ মাহত এই উৎসৱটো পালন কৰে ৷ কৰম উৎসৱ হ’ল এক কৃষিভিত্তিক উৎসৱ(Karam festival is an agricultural festival) ৷ পথাৰত ৰোপন কৰা কঠীয়াবোৰ যাতে ভালদৰে বাঢ়ি গৈ কৃষকে উপযুক্ত ফচল লাভ কৰিব পাৰে তাৰ বাবে এই উৎসৱৰ জৰিয়তে ভগৱানৰ ওচৰত আশীৰ্বাদ বিছাৰে ৷ কৰম উৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত আছে কৰম ডালৰ সূতা বন্ধনি, আছাৰ পতাকা উত্তোলন,কৰম উৎসৱৰ পতাকা উত্তোলন,শ্বহীদ তৰ্পণ,বৃক্ষৰোপণ,বিভিন্ন খেল ধেমালি ৷ মুকলি সভা,কৰম নাচ প্ৰতিযোগিতা, বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আদি ৷

ডিমাকুছিত কৰম কৰম উৎসৱ পালন

দুদিনীয়াকৈ অনুষ্ঠিত কৰম পূজাত আদিবাসী ডেকা-গাভৰুৰ নৃত্য-গীতৰে মুখৰিত হৈ পৰে ডিমাকুছিৰ কৰম পূজাৰ স্থালী ৷ বছৰেকৰ মুৰত অহা এই উৎসৱত একতাৰ মহামন্ত্ৰেৰে লোকেলোকাৰণ্য হৈ পৰে ৷ আনহাতে চৰকাৰক চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধি, ভুমিপত্তা প্ৰদান, জনজাতিৰ মৰ্য্যদা লগতে কৰমৰ দিনটো বন্ধ ঘোষণা কৰাৰ দাবী জনাই ৷ লগতে চৰকাৰে আদিবাসী লোক সকলক বছৰ বছৰ ধৰি শোষণ কৰি আহিছে, ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰে কৰে আছা নেতাই ৷

লগতে পঢ়ক: তাপী মিৰাৰ সন্ধানত বেছ কেম্পত উপস্থিত সেনাৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.