বড়ো সংগ্ৰামী নেতা তথা তিনিবাৰৰ বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ শেষকৃত্য সম্পন্ন

author img

By

Published : Oct 5, 2022, 8:14 AM IST

Former MLA Karendra Basumatary Passes Away

পঞ্চভূতত বিলীন হ'ল বড়ো সংগ্ৰামী নেতা তথা তিনিবাৰৰ বিধায়ক কৰেন্দ্ৰ বসুমতাৰী (Former MLA Karendra Basumatary Passes Away) । কৰেন্দ্ৰ বসুমতাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি নিখিল বড়ো ছাত্ৰ সন্থাই এবছুৰ পতাকা অৰ্ধনমিত কৰে । তেখেতৰ মৃত্যুত শ্ৰদ্ধা জনাই বিটিচি চৰকাৰে আগন্তুক ৬ অক্টোবৰত বিটিচি বন্ধ ঘোষণা কৰাৰ লগতে শোক দিৱস পালন কৰিব ৷

ওদালগুৰি, 5 অক্টোবৰ: পঞ্চভূতত বিলীন হ'ল বড়ো সংগ্ৰামী নেতা তথা তিনিবাৰৰ বিধায়ক কৰেন্দ্ৰ বসুমতাৰী । নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা ৰাজনীতিত আত্মপ্ৰকাশ কৰি ১৯৯১ চনত তেওঁ প্ৰথমবাৰৰ বাবে পানেৰী বিধানসভা সমষ্টিৰ (MLA from Paneri constituency) পৰা বিধায়ক নিৰ্বাচিত হয় ৷ ইয়াৰ পাছত পুনৰ ২০০১ চনত দ্বিতীয়বাৰ আৰু ২০০৬ চনত তৃতীয়বাৰৰ বাবে মাজবাট বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় প্ৰয়াত কৰেন্দ্ৰ বসুমতাৰী(MLA of Majbat Karendra Basumatary) ।

বড়ো সংগ্ৰামী, ছাত্ৰ নেতা, ৰাজনীতিবিদ, বুদ্ধিজীৱী, সমাজসেৱা, শিক্ষকতা, নাট্যৰ লগত জড়িত থকাৰ উপৰিও অসমীয়া চলচ্চিত্ৰ অগ্নিবৃষ্টি নামৰ বোলছবিত বিশেষ চৰিত্ৰত অভিনয় কৰি বঁটা আজুৰি আনিবলৈ সক্ষম হৈছিল প্ৰয়াত প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰী । ১৯৮৩ চনৰ পৰা ১৯৮৬ চনলৈকে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল প্ৰয়াত বিধায়কগৰাকীয়ে । বড়ো জাতিক একত্ৰিত কৰাত অপৰিসীম অৱদান আছিল কৰেন্দ্ৰ বসুমতাৰীৰ ।

কৰেন্দ্ৰ বসুমতাৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি নিখিল বড়ো ছাত্ৰ সন্থাই এবছুৰ পতাকা অৰ্ধনমিত কৰে । ছাত্ৰ সংগঠনটোৱে লগতে নেতাগৰাকীৰ আত্মাৰ সদগতিৰ কামনাৰে ২৪ খন জিলাত বন্তি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত কৰিব বুলিও জানিবলৈ দিয়ে । সমান্তৰালকৈ কৰেন্দ্ৰ বসুমতাৰীৰ মৃত্যুত শ্ৰদ্ধা জনাই বিটিচি চৰকাৰে আগন্তুক ৬ অক্টোবৰত বিটিচি বন্ধ ঘোষণা কৰাৰ লগতে শোক দিৱস পালন কৰিব বুলি কৰেন্দ্ৰ বসুমতাৰীৰ ঘৰত উপস্থিত হৈ এই কথা সদৰী কৰে প্ৰমোদ বড়োৱে । তেওঁৰ নীতি আদৰ্শ আৰু বড়ো জাতিৰ বাবে আগবঢ়োৱা অৱদান জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বিটিচি চৰকাৰে ।

বড়ো সংগ্ৰামী নেতা তথা তিনিবাৰৰ বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ মৃত্যু

মঙলবাৰে প্ৰয়াত প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ নশ্বৰদেহ শোভাযাত্ৰা কৰি ওদালগুৰি জিলাৰ ব্ৰহ্ম মন্দিৰ, ওদালগুৰি জিলাৰ এবছুৰ কাৰ্যালয়, জিলা ইউপিপিএলৰ মুখ্য কাৰ্যালয়, ৰৌতা মহাবিদ্যালয়, ধনশ্ৰীঘাট, ওৰাং, বড়োবজাৰ, গেৰুৱা আদিকে ধৰি বিভিন্ন অঞ্চলত লৈ যোৱা হয় । ছয়ঘন্টা জোৰা শোভাযাত্ৰাৰ অন্তত ব্ৰহ্ম সমাজৰ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয় বসুমতাৰীৰ জন্মস্থান দিয়াবাৰীত ।

লগতে পঢ়ক: হানী ট্ৰেপত একাউণ্টটেণ্ট: পাকিস্তানী মহিলালৈ সেনাৰ গোপন তথ্য প্ৰেৰণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.