ওদালগুৰিত হাতীৰ গচকত প্ৰাণ গ’ল এজনৰ

author img

By

Published : Sep 15, 2022, 7:05 PM IST

Elephant killed a man at dimakusi

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি থকা সময়তে পুনৰ ওদালগুৰি জিলাৰ ২ নং উত্তৰ ডিমাকুছি গাঁৱত অঘটন (Man Elephant conflict at Dimakusi)। ওদালগুৰি জিলাৰ ডিমাকুছিত হাতীৰ গচকত প্ৰাণ গ’ল এগৰাকী 60 বছৰীয়া ব্যক্তিৰ (Elephant killed a man at dimakusi) ৷

তামুলপুৰ, 15 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict in Udalguri) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰি থকা সময়তে পুনৰ ওদালগুৰি জিলাৰ ২ নং উত্তৰ ডিমাকুছি গাঁৱত অঘটন সংঘটিত হয় (Man Elephant conflict at Dimakusi)। ওদালগুৰি জিলাৰ ডিমাকুছিত হাতীৰ গচকত প্ৰাণ গ’ল এগৰাকী 60 বছৰীয়া ব্যক্তিৰ (Elephant killed a man at dimakusi) ৷

ওদালগুৰিত হাতীৰ গচকত প্ৰাণ গ’ল এজনৰ

বৃহস্পতিবাৰে পুৱতি নিশা জাকৰ পৰা ফালৰি কাটি অহা এটা বন্যহস্তীয়ে ২ নং উত্তৰ ডিমাকুছিৰ বগৰীতলত প্ৰৱেশ কৰি প্ৰথমতে আৰ্য্য বিদ্যা মন্দিৰ প্ৰাথমিক বিদ্যালয় ভাঙে তাৰ পিছতে হিতেশ ডেকাৰ বাসগৃহ ভাঙি পেলায় ৷ লগে লগে পৰিয়ালটোৱে হুলস্থুল কৰাত ওচৰ চুবুৰীয়া লোকসকলে হাতীটোক খেদিবলৈ প্ৰয়াস কৰে ৷ হাতীটোৱে ধানৰ বস্তা এটা লৈ গুচি যায় যদিও পুনৰ খেদি যোৱা লোকসকললৈ চোঁচা মাৰি আহি সেই অঞ্চলৰে কুশেশ্বৰ ডেকা নামৰ এজন 60 বছৰীয়া লোকক গচকি হত্যা কৰে ৷

উল্লেখ্য যে বন্যহস্তীয়ে গাঁওখনত প্ৰৱেশ কৰাৰ মাত্ৰকে বন বিভাগক খবৰ দিয়া হৈছিল যদিও তেঁওলোকে ফোন কাটি দি চুইছ অফ কৰি দিয়ে ৷ ফলত হাতী খেদিবলৈ সময়ত উপস্থিত নহ'ল কোনো এজন বন বিভাগৰ লোক ৷ ইয়াৰ পিছতে বহু পলমকৈ বিভিন্ন অজুহাত দেখুৱাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় ৷ খালিংদুৱাৰ বনাঞ্চল ঘটনাস্থলীৰ পৰা অতি কম দূৰত্বত হোৱাৰ স্বত্বেও বন বিভাগৰ লোক বহু পলমকৈ উপস্থিত হোৱাত উত্তেজিত ৰাইজে ৰেঞ্জাৰ নেত্ৰ কমল শইকীয়াক প্ৰায় ৪৫ মিনিট সময় আৱদ্ধ কৰি জবাবদিহি কৰে ৷ ইফালে ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি ৰেঞ্জাৰ শইকীয়াৰ লগত অহা বাকীকেইজন বন বিভাগৰ লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷

ইফালে ডিমাকুছি আৰক্ষী থানাৰ আৰক্ষী বিষয়া গাঁওখনত উপস্থিত হৈ উত্তেজিত ৰাইজক বুজাই বঢ়াই আৱদ্ধ কৰি ৰখা ৰেঞ্জাৰগৰাকীক মুকলি কৰে ৷ অনাগত দিনত এনে ঘটনাৰ পুনৰাবৃত্তি নহয় বুলি আশ্বাস প্ৰদান কৰি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

তাৎপৰ্যপূৰ্ণ যে ডিমাকুছি অঞ্চলত দিনৰ পোহৰত চাহ বাগিচাৰ মাজত আশ্ৰয় লৈ থকা বৃহৎ বন্যহস্তীৰ জাকে প্ৰতিদিনে নিশা হ'লেই গ্ৰাম্যাঞ্চলত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, খেতি-পথাৰ তহিলং কৰাৰ লগতে বিদ্যালয়, চিকিৎসালয়, নামঘৰ ভাঙি চুৰমাৰ কৰে ৷ অঞ্চলটোত হাতী-মানুৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে যদিও সমস্যা সমাধানত ব্যৰ্থ হৈছে বিভাগটো ৷

আনহাতে মৃত কুশেশ্বৰ ডেকাৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰে গাঁওবাসীয়ে ৷ অচিৰেই অঞ্চলটোত হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: জনজাতিকৰণৰ নামত প্ৰতাৰণা, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ চুতীয়া ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.