ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰঃ দাওহাৰো বড়ো গুলিবিদ্ধ

author img

By

Published : Sep 9, 2021, 3:50 PM IST

Updated : Sep 9, 2021, 4:05 PM IST

Daoharo Bodo injuerd in Encounter

পুনৰ এনকাউণ্টাৰ(Encounter) ! ওদালগুৰিত নিশা আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ অপৰাধী দাওহাৰো বড়ো । আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে বাধা দিবলৈ গুলীচালনা কৰে ।

ওদালগুৰি, ৯ ছেপ্টেম্বৰ: অসম আৰক্ষীৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে ৰাজ্যত পুনৰ সংঘটিত হ'ল এনকাউণ্টাৰ(Encounter) । বুধবাৰে নিশা গুদালগুৰিৰ খ্ৰীষ্টানপাৰা অঞ্চলত এই ঘটনা সংঘটিত হয় । আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰিছিল দুৰ্ধৰ্ষ অপৰাধী দাওহাৰো বড়ো । আৰক্ষীয়ে বাৰম্বাৰ সকীয়াই দিয়াৰ পাছতো দাওহাৰো বড়োই আৰক্ষীৰ নিৰ্দেশক গুৰুত্ব দিয়া নাছিল ।

Daoharo Bodo injuerd in Encounter
ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰত গুলিবিদ্ধ দাওহাৰো বড়ো

উপায়হীন হৈ বাধা দিবলৈ আৰক্ষীয়ে দাওহাৰোলৈ লক্ষ্য কৰি গুলীচালনা কৰে । আৰক্ষীৰ দুটা গুলীয়ে দাওহাৰোৰ ভৰিত আঘাত কৰে । ইয়াৰ পাছতে আহত বড়োক প্ৰথমে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ওদালগুৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত বড়োক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

ওদালগুৰিৰ লগতে বাক্সা জিলাৰ কেইবাখনো থানাত দাওহাৰো বড়োৰ বিৰুদ্ধে চলি আছিল আঠটাকৈ গোচৰ । বিশেষকৈ ধন দাবী কৰি এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল দাওহাৰোৱে ।

বিভিন্ন সংগঠনৰ নামত ধন দাবী কৰিছিল । বুধবাৰে আৰক্ষীয়ে বড়োক কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল । নিশা বড়োৰ স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰ বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল ।

খ্ৰীষ্টানপাৰা অঞ্চলত অভিযান চলাই থকাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা বড়োই পলায়নৰ চেষ্টা কৰে আৰু তেতিয়াই আৰক্ষীয়ে গুলীচালনা কৰে । ইয়াৰ পূৰ্বেও আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল অপৰাধীটো । ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুমণি হাজৰিকাৰ নেতৃত্বত অভিযান চলোৱা হৈছিল ।

লগতে পঢ়ক:দুলীয়াজানত পৰিবহন বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

Last Updated :Sep 9, 2021, 4:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.