ওদালগুৰি জিলা বিজেপিৰ যুৱ মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত

author img

By

Published : Aug 9, 2021, 12:56 PM IST

Bjp yuva morcha executive meeting at Udalguri

ৰৌতাত দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । এই কাৰ্যনিৰ্বাহক সভাত দলৰ সাংগঠনিক দিশ তথা ‌বিজেপি নেতৃত্বাধীন চৰকাৰৰ নিকা নিযুক্তি প্ৰক্ৰিয়া, সমাজ সংস্কাৰ, ৰাজ্য চৰকাৰৰ বাজেটৰ ওপৰত আলোচনা কৰা হয় । কাৰ্যনিৰ্বাহক সভাৰ লগত সংগতি ৰাখি বৃক্ষৰোপণ কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ।

ৰৌতা, ৯ আগষ্ট: দেওবাৰে ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা । ওদালগুৰি জিলাৰ ৰৌতা আঞ্চলিক বাথৌ মন্দিৰ প্ৰাংগণতো দেওবাৰে বিজেপিৰ যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । ক'ভিড প্ৰট'কল মানি বিজেপিৰ নেতা-কৰ্মীসকলে সভাত অংশগ্ৰহণ কৰে । প্ৰথমে পতাকা উত্তোলন কৰাৰ পাচত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

Bjp yuva morcha executive meeting at Udalguri
দেওবাৰে অনুষ্ঠিত হ'ল ওদালগুৰি জিলা বিজেপিৰ যুৱ মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা

ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সম্পাদক জয়ন্ত চক্ৰৱৰ্তীয়ে বন্তি প্ৰজ্বলন কৰাৰ পাচতে জিলা কাৰ্যনিৰ্বাহক সভা আৰম্ভ কৰা হয় । পতাকা উত্তোলন কৰে ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি কষ্টৰাম বাগলাৰীয়ে । ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্যা নীলিমা দেৱী, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু কিষাণ, ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক ধৰম বসুমতী, ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য সুপ্ৰদ্বীপ কোচ, ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি শৰ্মা, ওদালগুৰি জিলা বিজেপিৰ সম্পাদক বিৰদাও বসুমতাৰী, জিলা যুৱ মৰ্চাৰ সভাপতি কষ্টৰাম বাগলাৰী, সাধাৰণ সম্পাদক সমৰ হাজৰিকা, ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ বিষয়ববীয়াসকল । অনাগত দিনত ওদালগুৰি জিলাত দলৰ সাংগঠনিক দিশ অধিক সক্ৰিয় আৰু শক্তিশালী কৰা সন্দৰ্ভতো বিশদভাৱে আলোচনা হয় ।

Bjp yuva morcha executive meeting at Udalguri
দেওবাৰে অনুষ্ঠিত হ'ল ওদালগুৰি জিলা বিজেপিৰ যুৱ মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা

সমাজক সুৰক্ষিত কৰাৰ বাবে চৰকাৰে কৰি যোৱা কাম-কাজৰ ওপৰত বক্তব্য প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু কিষাণে ।

Bjp yuva morcha executive meeting at Udalguri
দেওবাৰে অনুষ্ঠিত হ'ল ওদালগুৰি জিলা বিজেপিৰ যুৱ মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা

লগতে বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ নিকা নিযুক্তি, সমাজ সংস্কাৰ, ৰাজ্য চৰকাৰৰ বাজেট সন্দৰ্ভতো মত প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্যগৰাকীয়ে । ৰাজ্য চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে আলোকপাত কৰাৰ লগতে স্বাস্থ্য, শিক্ষা ব্যৱস্থাৰ ওপৰতো তেওঁ বক্তব্য আগবঢ়ায় । কাৰ্যনিৰ্বাহক সভাত উপস্থিত সকলোৱে ওদালগুৰি জিলা যুৱ মৰ্চাক সেৱা আগবঢ়াই যাবলৈ প্ৰেৰণা যোগায় ।

লগতে পঢ়ক:হাগ্ৰামাই NIA ৰ ভয়ত বিজেপিৰ কাষ চাপিছে : গোবিন্দ বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.