ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

author img

By

Published : Jul 1, 2021, 7:22 PM IST

assam-police-on-mission-against-drugs-and-intoxicating-elements-across-state

ৰাজ্যত অসম আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নতুন ৰেকৰ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ ড্ৰাগছ তথা অবৈধ নিচাযুক্ত দ্ৰব্য, জীৱ-জন্তুৰ চোৰাং সৰবৰাহ আদি বিভিন্ন দিশত চলি থকা অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ ড্ৰাগছ আৰু অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে অসম আৰক্ষীয়ে ৷

নিউজ ডেস্ক, 1 জুলাই : শাসনত অধিস্থিত ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma) নেতৃত্বাধীন বিজেপি(BJP) চৰকাৰখনৰ ডেৰ মাহ ইতিমধ্য অতিক্ৰম কৰিছে ৷ বিগত দিন কেইটাত চৰকাৰৰ গৃহ বিভাগৰ তত্বাৱধানত সমগ্ৰ ৰাজ্যতে আইন-শৃংখলা ব্যৱস্থাত গুৰুত্ব দি অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে(Assam police) নতুন ৰেকৰ্ড প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ শদিয়াৰ পৰা ধুবুৰীলৈ ড্ৰাগছ তথা অবৈধ নিচাযুক্ত দ্ৰব্য, জীৱ-জন্তুৰ চোৰাং সৰবৰাহ আদি বিভিন্ন দিশত দীৰ্ঘদিনৰ পৰা অবিৰতভাৱে চলি থকা অপৰাধীৰ দপদপনি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে বিগত সময়চোৱাত অভিযান চলাই সফলতা লাভ কৰিছে ৷ কৰ’ণা সৃষ্ট আংশিক লক ডাউনত ৰাজ্যৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব সুকলমে পালন কৰিও সমান্তৰালভাৱে অপৰাধ নিয়ন্ত্ৰণ আৰু বিশেষকৈ ড্ৰাগছ আৰু অবৈধ নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে ঘোষণা কৰা জেহাদক এতিয়া ৰাজ্যবাসীয়ে একেমুখে শলাগ লৈছে ৷

গোলাঘাটৰ উৰিয়ামঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ আটক এজন : গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু উৰিয়ামঘাট থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছসহ আটক হ’ল এজন যুৱক ৷ আটকাধীন যুৱকজনৰ নাম ৰাজীৱ তুৰুং বুলি জানিব পৰা গৈছে । যুৱকজনৰ পৰা আৰক্ষীয়ে দুই গ্ৰাম ওজনৰ হেৰ'ইন জব্দ কৰে ।

অভিযানটোত আৰক্ষীয়ে চানি, বাবলু, সঞ্জু আৰু গেজু নামৰ সন্দেহজনক অন্য কেইজনমান যুৱকক আটক কৰে ৷ কিন্তু বুধবাৰে উৰিয়ামঘাট থানাত আৰক্ষীয়ে আটাইকেজনকে পৰিয়ালৰ হাতত চমজাই দিয়ে । আনহাতে, ধৃত ৰাজীৱ তুৰুঙৰ বিৰুদ্ধে ২৬/২০২১ ইউ/এচ ২১(এ)২৪ এনডিপিএচ আইনৰ অধীনত গোচৰ ৰুজু কৰি সোধ-পোছ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

টীয়কৰ ৰাজৈ সুন্দৰপুৰত অবৈধ সুৰা জব্দ :

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত ৰাজৈ সুন্দৰপুৰ গাঁৱত এক গোপন সূত্ৰৰ পম খেদি, সুনীল কুমাৰ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা লাহদৈগড় আৰক্ষীয়ে জব্দ কৰিলে অবৈধ সুৰা ৷ বুধবাৰে নিশা লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত যোৱা আৰক্ষী বাহিনীৰ এটি দলে অভিযান চলাই লোকজনৰ ঘৰৰ বিচনাৰ তলৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ সুৰাখিনি ।

ড্ৰাগছৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষীৰ বৃহৎ অভিযান :

ড্ৰাগছৰ বিৰুদ্ধে তৎপৰতাৰে ওদালগুৰি আৰক্ষীয়ে চলালে অভিযান ৷ এই অভিযানত আৰক্ষীয়ে নিষিদ্ধ ব্ৰাউন চুগাৰসহ এজন যুৱকক আটক কৰে ৷ আটকাধীন যুৱকজনৰ নাম ৰিজু বড়ো । আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰখিনিৰ পৰিমাণ ৫৫ গ্ৰাম ৷ মুঠ ২৫ টা কণ্টেইনাৰত আছিল এই ব্ৰাউন চুগাৰখিনি ।

লগতে পঢ়ক : পাঠশালাত ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মাজত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.