ভুৱা মৌলানাৰ নামত ধন আত্মসাৎ; তদন্তৰ দাবী

author img

By

Published : Sep 23, 2021, 6:07 PM IST

allegation of fraud maulana

মৌলানাৰ নিকৃষ্ট কাণ্ডই কঁপাইছে ওদালগুৰি ৷ ভুৱা মৌলানা সজাই আজমল ফাউণ্ডেশ্যনৰ লাখ-লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে জমিয়তৰ নেতাৰ বিৰুদ্ধে ৷

ওদালগুৰি,23 ছেপ্তেম্বৰ : মহামাৰী ক’ৰণা ভাইৰাচৰ আতংকত সমগ্ৰ দেশ লকডাউনত স্তব্ধ হৈ পৰিছিল । ফলত মছজিদৰ ইমাম, ৰাজহুৱা খণ্ডৰ মোক্তব, মাদ্ৰাছা সমূহৰ শিক্ষক সকল আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল । তাৰ প্ৰতি লক্ষ্য ৰাখি আজমল ফাউণ্ডেশ্যনে দৰিদ্ৰ ইমাম, মাদ্ৰাছাৰ কিছুসংখ্যক শিক্ষকক এককালিন আৰ্থিক সাহাৰ্য প্ৰদান কৰিছিল ।

মৌলানা বনাম জমিয়ত উলামা-ই-হিন্দ

সেই অনুসৰি ওদালগুৰি জিলা জমিয়তৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি মৌলানা আবু বক্কৰ ছিদ্দিকৰ দ্বাৰা ফৰ্ম বিতৰণ কৰা হৈছিল ৷ ইতিমধ্যে প্ৰতিগৰাকী হিতাধিকাৰীয়ে নিজৰ একাউণ্টৰ জৰিয়তে ১৮ হাজাৰকৈ দুটা কিস্তিত মুঠ ৩৬ হাজাৰকৈ টকা লাভ কৰিছিল । কিন্তু ফাউণ্ডেশ্যনৰ ফালৰ হিতাধিকাৰী সকলৰ ভেৰিফিকেশ্বৰ বাবে বৰ্তমানৰ জিলা জমিয়তৰ সভাপতি/সাধাৰণ সম্পাদকলৈ তালিকাখন প্ৰেৰণ কৰাৰ লগে-লগেই ওলাই পৰিছিল উৰহী গছৰ ওৰ ।

লগতে পঢ়ক: বিগত 6 বছৰত ৰাজ্যবাসীৰ ওপৰত বৃদ্ধি পোৱা ঋণৰ বোজাৰ বিৱৰণ...

অভিযোগ অনুসৰি, মৌলানা আবু বক্কৰ ছিদ্দিকে নিজৰ অঙহী-বঙহীৰ ১০ জনৰো অধিক সদস্যৰ নামত জালিয়াতী কৰি কেইবা লাখ টকা সৰকোৱাৰ অভিযোগ উত্থাপন কৰিছে জিলা জমিয়তৰ নেতৃত্বই ।

জানিব পৰা মতে, মাদ্ৰাছাৰ শিক্ষক তথা ধৰ্মীয় শিক্ষাৰ লগত জড়িত নথকা আবুবক্কৰ ছিদ্দিকিৰ ককাই ওচমান গনি, সৰু ভায়েক তথা প্ৰাক্তন চিয়াৰমেনৰ পত্নী, ভতিজা-ভতিজি আদিৰ নাম শিক্ষকক এককালিন আৰ্থিক সাহাৰ্যৰ এই তালিকাত পোহৰলৈ আহিছে ৷ এই ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে । সেই সন্দৰ্ভত বিগত ২০ আগষ্টত জিলা জমিয়তে তথ্য সহকাৰে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক: ডিঙিত গামোচা লৈ ৱাশ্বিংটনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

কিন্তু বাতৰি সম্প্ৰচাৰৰ প্ৰায় একমাহ পিছত অৰ্থাৎ বিগত ১৩ ছেপ্তেম্বৰত মৌলানা আবু বক্কৰ ছিদ্দিকে সামাজিক মাধ্যম(Social media)ৰ জৰিয়তে উক্ত অভিযোগৰ ভিত্তিত প্ৰকাস কৰিছিল নিজৰ প্ৰতিক্ৰিয়া ৷ যাৰ ফলত মৌলানা গৰাকীৰৰ বিৰুদ্ধে পুনৰবাৰ জাঙুৰ খাই উঠিছে ওদালগুৰি জিলা জমিয়তৰ নেতৃবৃন্দ ।

এই সন্দৰ্ভত জিলা জমিয়তে এক ৰাজহুৱা সভা অনুষ্ঠিত কৰি মৌলানা জনক তীব্ৰ প্ৰত্যাহ্বান জনাই কয় যে, জমিয়তে উত্থাপন কৰা অভিযোগ যদি মিছা অথবা ভিত্তিহীন তেন্তে তেওঁলোকৰ ওপৰত কিয় মানহানিৰ গোচৰ তৰা নাই ? যদি সৎ সাহস আছে উল্লেখিত ভুৱা মৌলানা সকলৰ পৰিচয় আৰু শিক্ষাগত অৰ্হতা ৰাজহুৱা কৰিবলৈ জিলা এআইইউডিএফৰ সভাপতি তথা জিলা জমিয়তৰ উপ-সভাপতি আব্দুৰ ৰহিমে মৌলানা জনক তীব্ৰ প্ৰত্যাহ্বান জনায় ৷ অন্যথা দুখীয়াৰ ধন আত্মসাৎ কৰাৰ বাবে তেওঁৰ ওপৰতে গোচৰ তৰিব বুলি ভাবুকি প্ৰদান কৰে ।

লগতে পঢ়ক: আজমল ফাউণ্ডেশ্যনৰ 4 লক্ষাধিক টকা উদৰস্থ কৰা কোন এই মৌলানা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.