আজমল ফাউণ্ডেশ্যনৰ 4 লক্ষাধিক টকা উদৰস্থ কৰা কোন এই মৌলানা ?

author img

By

Published : Aug 20, 2021, 9:32 PM IST

Ajmal Foundation

মৌলানাৰ নিৰ্লজ্জ কাণ্ডই কঁপাইছে ওদালগুৰি ৷ ভুৱা মৌলানা সজাই আজমল ফাউণ্ডেশ্যনৰ লাখ-লাখ টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে জমিয়তৰ নেতাৰ বিৰুদ্ধে ৷ অভিযুক্ত জমিয়তৰ মৌলানাজনৰ ওপৰত কঠোৰ ব্যৱস্থা ল’বলৈ বদৰুদ্দিন আজমলক কাতৰ আহ্বান সচেতন মহলৰ ৷

ওদালগুৰি, 20 আগষ্ট : এজন ধৰ্মীয় গুৰু তথা মৌলানাৰ-নিৰ্লজ্জ কৰ্ম কাণ্ডই লজ্জানত কৰিছে সমগ্ৰ ওদালগুৰি জিলাক । দুখীয়া-দৰিদ্ৰ মৌলানাৰ বাবে অহা আজমল ফাউণ্ডেশ্যনৰ বৃহৎ সংখ্যক ধন মৌলানাজনে ফাঁকি-বাজীৰে সৰকোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে জিলাখনত সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ । ন্যায় বিচাৰি হুক-হুকাই কান্দি সাংসদ বদৰুদ্দিন আজমলক ন্যায় বিচাৰৰ অনুৰোধ একাংশ বঞ্চিত দুখীয়া মৌলানাৰ ।

উল্লেখ্য যে, মহামাৰী কৰ’ণা ভাইৰাচৰ আতংকত সমগ্ৰ দেশ লকডাউনত স্তব্ধ হৈ পৰিছিল । ফলত মছজিদৰ ইমাম, ৰাজহুৱা খণ্ডৰ মোক্তাব, মাদ্ৰাছাসমূহৰ শিক্ষকসকল আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল । তাৰ প্ৰতি লক্ষ্য ৰাখি আজমল ফাউণ্ডেশ্যনে দৰিদ্ৰ ইমাম আৰু মাদ্ৰাছাৰ কিছু সংখ্যক শিক্ষকক এককালিন আৰ্থিক সাহায্য ঘোষণা কৰে ৷ যোৱা ৰমজান মাহত ওদালগুৰি জিলা জমিয়তৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ কাৰ্যকৰী সভাপতি মৌলানা আবু বক্কৰ ছিদ্দিকৰ হতুৱাই ফৰ্ম বিতৰণ কৰা হৈছিল ।

Ajmal Foundation
সাহায্য লাভ কৰা সকলৰ তালিকা

লগতে পঢ়ক : শক্তি বিভাগৰ আজৱ কাণ্ডঃ বিদ্যুতৰ সংযোগ নথকাকৈয়ে আহিল বিল

ইতিমধ্যে প্ৰতিগৰাকী হিতাধিকাৰীয়ে নিজৰ একাউণ্টৰ জৰিয়তে ১৮ হাজাৰকৈ দুটা কিস্তিত মুঠ ৩৬ হাজাৰকৈ টকা লাভ কৰিছে । কিন্তু ফাউণ্ডেশ্যনৰ ফালৰ হিতাধিকাৰী সকলৰ নথি পৰীক্ষণৰ বাবে বৰ্তমানৰ জিলা জমিয়তৰ সভাপতি আৰু সাধাৰণ সম্পাদকলৈ তালিকাখন প্ৰেৰণ কৰাৰ লগে-লগেই উৰহী গছৰ ওৰ ওলাই পৰে ।

আজমল ফাউণ্ডেশ্যনৰ 4 লক্ষাধিক টকা উদৰস্থ কৰা কোন এই মৌলানা ?

মৌলানা আবু বক্কৰ ছিদ্দিকৰ পৰিয়ালৰ ১০ জনৰো অধিক সদস্যৰ নামত জালিয়াতিৰে প্ৰায় ৪ লাখৰো অধিক ধন সৰকোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে জিলা জমিয়তে । আচৰিত ধৰণে মাদ্ৰাছাৰ শিক্ষক তথা ধৰ্মীয় শিক্ষাৰ লগত জড়িত নথকা আবুবক্কৰ ছিদ্দিকিৰ ককায়ে ওচমান গনি, কণিষ্ঠ ভাতৃ তথা প্ৰাক্তন অধ্যক্ষ আব্দুল বাৰিৰ পত্নী আমিনা বেগম আৰু ভতিজা-ভতিজিৰ নাম পোহৰলৈ অহাৰ পিছতে সকলোৰে চকু কপালত উঠিছে ৷

লগতে পঢ়ক : বিজেপিৰ বিৰুদ্ধে লখিমপুৰত যুদ্ধ ঘোষণা ভূপেন বৰাৰ

দৰিদ্ৰ মৌলানা, ইমামৰ বাবে অহা ধন এনেদৰে অটল সম্পত্তিৰ গৰাকী মৌলানা জনৰ পৰিয়ালৰ নামত লোৱাৰ কথাটো কোনেও সহজভাৱে ল’ব পৰা নাই । এই সন্দৰ্ভত জিলা জমিয়তে এখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰি মৌলানা জনৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰা বুলি জিলা জমিয়তৰ উপ-সভাপতি তথা জিলা AIUDF ৰ সভাপতি আব্দুৰ ৰহিমে জানিবলৈ দিয়ে ।

সমান্তৰালকৈ জালিয়াতিৰে ধন আত্মসাৎ কৰা মৌলানাজনৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বঞ্চিত আলিম, ইমামৰ লগতে সচেতন মহলে আজমল ফাউণ্ডেশ্যনৰ কৰ্তৃপক্ষক আহ্বান জনায় । অৱশ্যে অভিযুক্ত মৌলানা আবু বক্কৰ ছিদ্দিকে তেওঁৰ ওপৰত উঠা অভিযোগ সন্দৰ্ভত এতিয়ালৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক : চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন: পৰিণতি ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.