ওদালগুৰিত অসামাজিক কাৰ্যকলাপ বন্ধৰ দাবীত স্মাৰক পত্ৰ প্ৰদান আমছুৰ

author img

By

Published : Jun 15, 2021, 2:13 PM IST

aamsu-request-to-deputy-commissioner-to-stop-anti-social-activities-in-udalguri

ৰাজ্যত আংশিক লক ডাউনৰ সুযোগ গ্ৰহণ কৰি ওদালগুৰিত একাংশ দুষ্টচক্ৰই অব্যাহত ৰাখিছে অসামাজিক কাৰ্য-কলাপ ৷ এই অভিযোগ উত্থাপন কৰিছে আমছুৰ ওদালগুৰি জিলা সমিতিয়ে ৷ তীৰ, জুৱা, মদ-ভাং আদি অসামাজিক কাম-কাজ কঠোৰ হাতেৰে দমন কৰিবলৈ সংগঠনটোৱে ওদালগুৰি জিলা উপায়ুক্তক আহ্বান জনাইছে ৷

ওদালগুৰি, 15 জুন : ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত চলি থকা তীৰ, জুৱা, মদ-ভাং আদি অসামাজিক কাম-কাজ কঠোৰ হাতেৰে দমন কৰিবলৈ প্ৰশাসনক দাবী জনাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন(AAMSU)ৰ ওদালগুৰি জিলা সমিতিয়ে । সোমবাৰে এই সন্দৰ্ভত জিলা সমিতিৰ এটি সঁজাতি দলে ওদালগুৰি জিলা উপায়ুক্ত ড৹ পি উদয় প্ৰবীণক সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

সংগঠনটোৱে স্মাৰকপত্ৰৰ জৰিয়তে উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে, সম্প্ৰতি ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত চৰকাৰে ঘোষণা কৰা আংশিক লক ডাউনৰ সুযোগ গ্ৰহণ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত একাংশ দুষ্টচক্ৰৰ নেতৃত্বত তীৰ, জুৱা খেল, মদ-ভাং আদি অসামাজিক কাম-কাজ আৰম্ভ কৰিবলৈ লৈছে । ফলত বিভিন্ন অপৰাধজনিত ঘটনা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ সমাজ জীৱনৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনা বুলি সংগঠনটোৱে আশংকা ব্যক্ত কৰে ।

ওদালগুৰিত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হওঁক আৰক্ষী: আমছু

আনকি শেহতীয়াকৈ একাংশ স্কুলীয়া ছাত্ৰ জুৱাৰ কৱলত পৰি ধ্বংসৰ ফালে গতি কৰা বুলিও এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে জিলা আমছুৱে । জিলাখনৰ পৰা এনে অবৈধ-অসামাজিক কাম নিৰ্মূল কৰিবলৈ প্ৰশাসনৰ সহায়-সহযোগিতা কামনা কৰাৰ লগতে জিলা প্ৰশাসনকো কঠোৰ হ'বলৈ অনুৰোধ জনায় সংগঠনটোৱে ।

আনহাতে শৈক্ষিক-আৰ্থিকভাৱে অতিকে পিছপৰা সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ বাট-পথৰ শোচনীয় অৱস্থাকলৈ উদ্বিগ্নতা ব্যক্ত কৰে সংগঠনটোৱে । এই সন্দৰ্ভত জিলা আমছুৱে অভিযোগ উত্থাপন কৰি কয় যে, অনুন্নত যাতায়ত ব্যৱস্থা সূচল কৰিবলৈ তেনে কোনো বৃহৎ আঁচনিয়ে ঢুকি নোপোৱাৰ ফলত MGNREGA আঁচনিৰ জৰিয়তে কিছু পৰিমাণে ৰাস্তা-ঘাটৰ মেৰামতিৰ সুযোগ পায় যদিও সেইসমূহ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো একাংশই ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰে । গতিকে উক্ত অঞ্চলসমূহত অনাগত দিনত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক আঁচনিৰ ক্ষেত্ৰতো চোকা দৃষ্টি ৰাখিবলৈ স্মাৰক পত্ৰখনৰ জৰিয়তে উপায়ুক্তক অনুৰোধ জনায় সংগঠনটোৱে ।

লগতে পঢ়ক: মাইক্ৰ’ফাইনেঞ্চৰ ঋণ: মন্ত্ৰী অশোক সিংঘালক সাক্ষাৎ মহিলা মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.