আলফা(স্বা)ৰ মহিলা সদস্য পূৰ্ণিমা বৰাৰ আত্মসমৰ্পণ

author img

By

Published : Sep 12, 2021, 1:21 PM IST

ulfa i cadre purnima bora alias mitu axom

আলফা(স্বা) ৰ মহিলা সদস্যৰ আত্মসমৰ্পণ ৷ অসম-অৰুণাচল সীমান্তত আত্মসমৰ্পণ কৰিলে 2002 চনতে আলফা(স্বা) ত যোগদান কৰা পূৰ্ণিমা বৰা ওৰফে মিটু অসমে ৷

তিনিচুকীয়া, 12 ছেপ্তেম্বৰ : 2002 চনতে আলফা(স্বা) ত যোগদান কৰা এগৰাকী মহিলা সদস্য পূৰ্ণিমা বৰাৰ আত্মসমৰ্পণ ৷ অসম-অৰুণাচল সীমান্তত আলফা(স্বা)ৰ মহিলা সদস্যা পূৰ্ণিমা বৰা ওৰফে মিটু অসমে আত্মসমৰ্পণ কৰিছে ৷ তিনিচুকীয়া আৰক্ষী আৰু অসম ৰাইফলছে চলোৱা যুটীয়া অভিযানৰ সময়ত মিটু অসমে আত্মসমৰ্পণ কৰে ৷

ulfa i cadre purnima bora alias mitu axom
আলফা(স্বা)ৰ মহিলা সদস্য পূৰ্ণিমা বৰা

অসম-অৰুণাচল সীমান্তৰ জয়ৰামপুৰত পূৰ্ণিমা বৰা ওৰফে মিটু অসমক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ 2002 চনত নিষিদ্ধঘোষিত সংগঠনটোত যোগদান কৰা মিটু অসমৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ নাজিজুলিত ৷ প্ৰাপ্ত খবৰ অনুসৰি স্বাস্থ্যজনিত কাৰণত ম্যানমাৰৰ শিবিৰৰ পৰা ওলাই আহে পূৰ্ণিমা বৰা ওৰফে মিটু অসমে ৷

লগতে পঢ়ক : আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসম এটা কাল্পনিক চৰিত্র

সম্প্ৰতি তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে পূৰ্ণিমা বৰা ওৰফে মিটু অসম ৷ শেহতীয়াকৈ ২০১৮ চনৰ ২৯ ডিচেম্বৰত আলফা (স্বাধীন)ত যোগদান কৰা উচ্চ শিক্ষিত যুৱক অৰুণাভ গগৈক আলফাই মৃত্যুদণ্ড বিহা সন্দৰ্ভত এক খবৰে সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈ আছে ৷

ম্যানমাৰস্থিত শিবিৰৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ অপৰাধত আলফা স্বাধীনৰ লেফটেনেণ্ট নিবাৰণ অসম ওৰফে সাগৰ ইংতিপি ওৰফে অৰুণাভ গগৈক এবছৰ আগেয়ে জেনেৰেল পৰেশ অসমৰ নিৰ্দেশত মেজেৰ জেনেৰেল নয়ন অসমৰ উপস্থিতিত মৃত্যুদণ্ড দিয়া বুলি এক খবৰ পোহৰলৈ আহিছে ৷ অৱশ্যে আলফা(স্বা)ৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই ৷

লগতে পঢ়ক : সঁচাকৈয়ে আলফাই মৃত্যদণ্ড বিহিলে নেকি অৰুণাভ গগৈক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.