Transformer Blast : ITI ত প্ৰেক্টিকেল ক্লাছৰ সময়ত বিস্ফোৰণ ট্ৰেন্সফৰ্মাৰ, ছাত্ৰ গুৰুতৰভাৱে আহত
Published: Mar 15, 2023, 10:39 PM


Transformer Blast : ITI ত প্ৰেক্টিকেল ক্লাছৰ সময়ত বিস্ফোৰণ ট্ৰেন্সফৰ্মাৰ, ছাত্ৰ গুৰুতৰভাৱে আহত
Published: Mar 15, 2023, 10:39 PM
তিনিচুকীয়াৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰেক্টিকেল ক্লাছৰ সময়ত অঘটন ৷ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ ছাত্ৰসহ এজন প্ৰশিক্ষক আহত হয় (Transformer Blast during practical class) ৷
তিনিচুকীয়া, ১৫ মাৰ্চ: তিনিচুকীয়াৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ তিনিচুকীয়াৰ বৰগুৰিত অৱস্থিত চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI)ত বুধবাৰে প্ৰেক্টিকেল ক্লাছৰ সময়ত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ হৈ ছাত্ৰসহ এজন প্ৰশিক্ষক আহত হয় (Transformer Blast during practical class) ৷
ঘটনাৰ বিৱৰণি অনুসৰি আজি অৰ্থাৎ ১৫ মাৰ্চৰ দিনৰ প্ৰায় ১১.৩০ বজাত ৱায়ৰমেন বিভাগত অধ্যয়নৰত ছাত্ৰই প্ৰেক্টিকেল ক্লাছ কৰি থকাৰ সময়তে ফিটাৰ বিভাগৰ কোঠাৰ ভিতৰত ৰখা এটা বৈদ্যুতিক ট্ৰেঞ্চফৰ্মাৰ হঠাৎ বিস্ফোৰিত হয় ৷ এই বিস্ফোৰণত অনুপম বৰুৱা নামৰ এজন ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে নৰকান্ত দাস নামৰ প্ৰশিক্ষকগৰাকী আঘাতপ্ৰাপ্ত হয় (Student and teacher injured) ৷
বিস্ফোৰণটো ইমানে ভয়ানক আছিল যে ছাত্ৰজন দূৰৈত চিটিকি পৰেগৈ । পৰৱৰ্তী সময়ত প্ৰশিক্ষকৰ এটা দলে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনক আৰু প্ৰশিক্ষকগৰাকীক চিকিৎসাৰ কাৰণে ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰি অনুপম বৰুৱাক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে (Injured student admitted in AMCH)। ছাত্ৰজনৰ দুয়োখন হাত অগ্নিদগ্ধ হোৱাৰ লগতে ভৰি আৰু মুখটো যথেষ্ট আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত ছাত্ৰজনৰ ঘৰ উত্তৰ লখিমপুৰৰ ঘিলামৰাৰ চেনাইগাঁৱৰ বুলি জানিব পৰা গৈছে ৷
ইফালে, আঘাতপ্ৰাপ্ত প্ৰশিক্ষক নৰকান্ত দাস বৈদ্যুতিক বিভাগৰ অভিজ্ঞতাসম্পন্ন প্ৰশিক্ষক ৷ প্ৰশিক্ষকগৰাকীয়ে অৱসৰ গ্ৰহণ কৰিবলৈ আৰু কিছুদিনহে বাকী ৷ তেখেতৰ মূৰৰ চুলি জ্বলি যোৱাৰ লগতে হাত আৰু ভৰিত কিছু আঘাত পায় ৷ এই খবৰ পোৱাৰ লগে লগে অনুপমৰ পৰিয়ালসহ ঔদ্যোগিক প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া, প্ৰশিক্ষক তথা অধ্যক্ষসহ এটা দলে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ অনুপমৰ অৱস্থাৰ বুজ লয় ৷ শেহতীয়া তথ্য অনুসৰি অনুপমৰ দুয়োখন হাত আৰু মুখমণ্ডলত যথেষ্ট অগ্নিদগ্ধ হৈছে যদিও বৰ্তমান ঠিকে আছে ৷ অনাগত কিছুদিনৰ বাবে চিকিৎসালয়তে ৰখা হ’ব অনুপমক ৷ চিকিৎসকে কোৱা অনুসৰি কিছুদিন জিৰণি ল’লেই সোনকালেই সুস্থ হৈ উঠিব অনুপম ৷
উল্লেখ্য যে, কেনেকৈ আৰু কি কাৰণে এগৰাকী ছাত্ৰই এনেদৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল সেয়া জানিব পৰা হোৱা নাই যদিও একাংশ ছাত্ৰৰ অভিযোগ অনুসৰি প্ৰাথমিক সুৰক্ষাৰ ব্যৱস্থা নথকাৰ ফলতে সংঘটিত হৈছে এনে ঘটনা ৷ অৱশ্যে এই সন্দৰ্ভত প্ৰতিষ্ঠানখনৰ অধ্যক্ষই মুখ খোলা নাই ৷ পৰৱৰ্তী সময়ত পোহৰলৈ আহিব ঘটনাৰ মূল কাৰণ।
লগতে পঢ়ক: Foreign cigarettes seized: মিজোৰামত অসম ৰাইফলছৰ অভিযানত 90 লাখ টকাৰ বিদেশী চিগাৰেট জব্দ
