তিনিচুকীয়াৰ বাঘজান দীঘলটৰং উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন

author img

By

Published : Sep 5, 2022, 10:27 PM IST

Teachers day celebrated in Tinsukia

তিনিচুকীয়াৰ বাঘজান দীঘলটৰং উচ্চ মাধ্যমিক বিদ্যালয়তো আয়োজন কৰা হয় শিক্ষক দিৱসৰ এক বিশেষ কাৰ্যসূচী (Teachers day celebrated in Tinsukia) ৷ এই অনুষ্ঠানত বৰ্তমানৰ শিক্ষাৰ্থীৰ লগতে উপস্থিত থাকে বহু প্ৰাক্তন শিক্ষাৰ্থীও (Birth anniversary of Radhakrishnan) ৷

তিনিচুকীয়া, 5 ছেপ্টেম্বৰ : আজি শিক্ষক দিৱস (Teachers day 2022)। মমৰ দৰে নিজে গলি গলি আনক পোহৰ বিলোৱা শিক্ষকসকলৰ ত্যাগক আজি সকলোৱে স্মৰণ কৰিছে ৷ সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ লেখিয়াকৈ তিনিচুকীয়াৰ ভিন্ন প্ৰান্ততো মহান মনীষী, শিক্ষাবিদ, দাৰ্শনিক, পণ্ডিত, ৰাজনীতিবিদ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ উপলক্ষে পালন হয় শিক্ষক দিৱস (Birth anniversary of Radhakrishnan) ৷

ইয়াৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ বাঘজান-দীঘলটৰং উচ্চ মাধ্যমিক বিদ্যালয়তো আয়োজন কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী (Teachers day celebrated in Tinsukia) ৷ শিক্ষক দিৱস উপলক্ষে প্ৰথমে বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সদস্যসকলৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে ।

Teachers day celebrated in Tinsukia
শিক্ষক দিৱস উদযাপন

আনহাতে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ একতা সভাই শিক্ষাগুৰুসকলক সম্বৰ্ধনাও জ্ঞাপন কৰে ।

লগতে পঢ়ক : জেহাদীৰ পক্ষত আমি বিন্দু মাত্ৰও সহানুভূতি দেখুওৱা উচিত নহয় : ময়ূৰ বৰা

আনকি এই অনুষ্ঠানত উপস্থিত থাকে কেবাগৰাকীও প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ৷ শিক্ষক দিৱস উপলক্ষে প্ৰাক্তন শিক্ষাৰ্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি শিক্ষক দিৱসৰ ওপৰত বক্তব্যও আগবঢ়াই । ইয়াৰ পিছতে ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণনক স্মৰণ কৰি, শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনাই এটি গীতো পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰীসকলে ।

তিনিচুকীয়াৰ বাঘজান দীঘলটৰং উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন

দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা শিক্ষক দিৱসৰ এই কাৰ্যসূচীত ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ ওপৰত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক বক্তৃতানুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । উল্লেখ্য যে, শিক্ষক দিৱসৰ এই বিশেষ দিনটোত আয়োজিত হোৱা উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে পূৰ্ণকান্ত ফুকনে ৷

লগতে পঢ়ক : অতীতক সুঁৱৰি আবেগিক হৈ পৰিল বৰ্ষীয়ান কৃৰ্তী শিক্ষক তীৰ্থ দেৱ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.