Protest in Tinsukia : শম্ভূ তাঁতীৰ উচিত ন্যায়ৰ দাবীত তিনিচুকীয়াত আটছাৰ প্ৰতিবাদ

author img

By

Published : Mar 14, 2023, 6:47 PM IST

Protest in Tinsukia

তিনিচুকীয়াত আটছাৰ গৰ্জন ৷ ৭ মাৰ্চত কৰ্মৰত অৱস্থাতে ডুমডুমাৰ সমীপৰ চামডাং চাহ বাগিচাৰ কলঘৰৰ CTC মেচিনত সোমাই আহত হোৱা শম্ভূ তাঁতী ওৰফে ৰঘুক ন্যায় দিয়াৰ দাবীত আকৌ উত্তাল হ’ল তিনিচুকীয়া ৷ শম্ভূ তাঁতী ন্যায় প্ৰদান কৰাৰ লগতে বাগিচা পৰিচালক মৃদুল হাজৰিকাক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত মঙলবাৰে তিনিচুকীয়াত আটছাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (ATTSA protest in Tinsukia) ।

প্ৰতিবাদী কণ্ঠই কঁপাইছে তিনিচুকীয়া জিলা

তিনিচুকীয়া, ১৪ মাৰ্চ : আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবাদী কণ্ঠই কঁপাইছে তিনিচুকীয়া জিলা ৷ প্ৰতিবাদকাৰীৰ দাবী, শম্ভূ তাঁতী ওৰফে ৰঘুক ন্যায় প্ৰদান কৰক ৷ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ চামডাং চাহ বাগিচাৰ কলঘৰত ৭ মাৰ্চত কৰ্মৰত অৱস্থাতে CTC মেচিনত সোমাই এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছিল (Laborer critically injured at Samdong tea estate)। আহত শ্ৰমিকজনৰ নাম শম্ভূ তাঁতী ওৰফে ৰঘু ৷

চামডাং চাহ বাগিচাৰ কলঘৰৰ CTC মেচিনত সোমাই ৰঘুৰ এখন হাত ছিগি যায় (Laborer critically injured) ৷ ফলত গুৰুতৰভাৱে আহত শ্ৰমিকজনক অতি সংকটজনক অৱস্থাত ততাতৈয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় । এই ঘটনাৰ পাচতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

ইফালে, M. K. Shah Exports Limited ৰ অধীনৰ চামডাং চাহ বাগিচাৰ কলঘৰত সংঘটিত হোৱা এই ঘটনা বিৰোধিতা কৰাৰ লগতে বাগিচা পৰিচালক মৃদুল হাজৰিকাক শীগ্ৰে গ্ৰেপ্তাৰৰ দাবীত তিনিচুকীয়াত ৰূপায়ন কৰা হৈছিল তীব্ৰ প্ৰতিবাদ ৷ কিন্তু সেই প্ৰতিবাদেও যেন গা লৰাব নোৱাৰিলে বিভাগীয় কৰ্তৃপক্ষৰ ৷ যাৰ বিৰুদ্ধে আজি অৰ্থাৎ মঙলবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় (ATTSA protest in Tinsukia) ৷

তিনিচুকীয়া সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি বিধায়ক হোৱাৰ লগতে শ্ৰমিকসকলক প্ৰতিনিধিত্ব কৰি শ্ৰম বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰা একালৰ আটছা নেতা সঞ্জয় কিষাণ কিন্তু আজিও নিৰৱ ৷ এসময়ত শ্ৰমিকসকলৰ হৈ মাত মাতি অহা সঞ্জয় কিষাণে মন্ত্ৰী লাভ কৰি আজি শ্ৰমিকসকলক কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে একালৰ আটছাৰ সতীৰ্থই ৷ আনকি সঞ্জয় কিষাণক গাদী এৰিবলৈ সকীয়নি প্ৰদান কৰে আটছাৰ নেতৃত্বই ৷ লগতে প্ৰয়োজন হ’লে চামডাং চাহ বাগিছা সম্পূৰ্ণ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰে আটছাই ।

উল্লেখ্য যে, ফাকুৱা উপলক্ষে ৭ আৰু ৮ মাৰ্চত দুদিনকৈ বাগিচা বন্ধ আছিল ৷ কিন্তু বন্ধৰ দিনটো শ্ৰমিক ৰঘুক বাগিচা কৰ্তৃপক্ষই বলপূৰ্বক কাম কৰোৱা বুলি অভিযোগ কৰিছে আটছাই । আনহাতে, এই ঘটনা সম্পৰ্কত ডুমডুমা আৰক্ষী থানাত ভুক্তভোগী চম্ভু তাঁতীৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ পাচতো বৰ্তমান পৰ্যন্ত বাগিচা পৰিচালকক গ্ৰেপ্তাৰ নকৰাক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে আটছা ।

কলঘৰসমূহত শ্ৰমিকক কামত নিয়োজিত কৰাৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই বাৰম্বাৰ এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বুলি আটছাই উল্লেখ কৰে । চামডাং চাহ বাগিচাত সংঘটিত ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগী পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰক আটছাই দাবী জনাইছে ।

লগতে পঢ়ক : Laborer critically injured: কৰ্মৰত অৱস্থাত কলঘৰৰ CTC মেচিনত সোমাই শ্ৰমিক গুৰুতৰভাৱে আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.