Student attacked by teacher: কাকজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰৰ অভিযোগ, এজাহাৰ দাখিল
Published: May 25, 2023, 4:25 PM


Student attacked by teacher: কাকজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰথম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰৰ অভিযোগ, এজাহাৰ দাখিল
Published: May 25, 2023, 4:25 PM
তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কাকজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰক প্ৰহাৰৰ অভিযোগ ৷ প্ৰথম শ্ৰেণীৰ ছয় বছৰীয়া ছাত্ৰক প্ৰধান শিক্ষক আলতাভ আহমেদে মাৰ-ধৰ কৰাৰ গুৰুতৰ অভিযোগ (Student attacked by teacher) ৷
তিনিচুকীয়া, 25 মে’: প্ৰধান শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ ৷ খঙত অগ্নিশৰ্মা হৈ প্ৰথম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰ কৰিলে প্ৰধান শিক্ষকে ৷ শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন হ'ব লগীয়া হ’ল ছয় বছৰীয়া ছাত্ৰ ৷ তিনিচুকীয়া জিলাৰ ডুমডুমাত সংঘটিত হৈছে এই ঘটনা ৷
তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কাকজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰক প্ৰহাৰৰ অভিযোগ ৷ এগৰাকী প্ৰথম শ্ৰেণীৰ ছয় বছৰীয়া ছাত্ৰক বিদ্যালয়খনৰ প্ৰধান শিক্ষক আলতাভ আহমেদে মাৰ -ধৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ বিদ্যালয়ত উৎপাত কৰাৰ বাবেই কনমানি ছাত্ৰজনক প্ৰধান শিক্ষক গৰাকীয়ে উপৰ্যুপৰি মাৰ -পিট কৰাৰ অভিযোগ কৰিছে অভিভাৱকে (Student attacked by teacher at Kakojan LPS in Tinsukia) ৷
ঘটনা অনুসৰি, এটি ছয় বছৰীয়া শিশু ছাত্ৰই শ্ৰেণী কক্ষত এটা ছুইংগাম খাই আন এজন ছাত্ৰৰ চাৰ্টত লগোৱাক কেন্দ্ৰ কৰিয়েই প্ৰধান শিক্ষক আলতাভ আহমেদে খঙত অগ্নিশৰ্মা হৈ ছাত্ৰজনক প্ৰথমে এচাৰিৰে ভৰিত আৰু তাৰ পিছত মুখত হাতেৰে প্ৰচণ্ড প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ৷ যাৰ ফলত ছাত্ৰজন আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'ব লগীয়া হয় ৷ চিকিৎসকে আহত ছাত্ৰজনক চিটি স্কেন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি ফিল'বাৰী আৰক্ষী থানাই ইতিমধ্যে ছাত্ৰজনক চিটি স্কেন কৰাইছে (Student injured in headmasters assault) ৷
এইয়াই প্ৰথম নহয়, কেৱল এইজন ছাত্ৰকে মাৰপিট কৰাৰ ঘটনাই নহয়, পূৰ্বেও এইজন শিক্ষকৰ বিৰুদ্ধে আছে বহুকেইজন ছাত্ৰ-ছাত্ৰীক মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ অভিভাৱকে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ ইফালে, অভিযুক্ত শিক্ষকজনেও প্ৰহাৰ কৰাৰ ঘটনাটো সঁচা বুলি মানি লৈ নিজৰ ভুল স্বীকাৰ কৰিছে যদিও এয়া এক সৰু কথা বুলিহে উল্লেখ কৰিছে শিক্ষক গৰাকীয়ে (Kakojan LPS in Tinsukia) ৷
লগতে পঢ়ক: SI Junmoni Rabha Death case: জোনমণিৰ মৃত্যুৰ সৈতে বিজেপিৰ নেতা জড়িত থকাৰ সন্দেহ ভূপেন বৰাৰ
