নিজ সমষ্টিতে ৰাইজৰ ৰোষত বিধায়ক ৰূপেশ গোৱালা

author img

By

Published : Sep 21, 2022, 5:59 PM IST

Tinsukia

বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ডুমডুমাৰ কৰ্দৈগুৰিৰ ৰাইজৰ প্ৰতিবাদ (Protest at Doom Dooma)। স্থানীয় বিধায়ক ৰূপেশ গোৱালাক ৰাজপথতে ঘেৰাও কৰিলে ক্ষোভিত ৰাইজে । অঞ্চলটোৰ সমস্যাৰ প্ৰতি পিঠি দিয়াৰ অভিযোগ বিধায়কৰ বিৰুদ্ধে ।

ডুমডুমা, ২১ ছেপ্টেম্বৰ : নিজৰ সমষ্টি ডুমাডুমাতে ৰাইজৰ ৰোষত পৰিল বিজেপি বিধায়ক ৰূপেশ গোৱালা (Protest against Rupesh Gowala)। সমষ্টিটোৰ কৰ্দৈগুৰি অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগক অৱহেলা কৰাৰ অভিযোগ স্থানীয় বিধায়কগৰাকীৰ বিৰুদ্ধে । উক্ত অঞ্চলটোৰ ৰাইজৰ সমস্যা সমাধানত ব্যৰ্থ হোৱা বিধায়কগৰাকীক মৰাণ ছাত্ৰ সন্থা, অসম সভা আৰু উচ্ছেদিত বান বিধ্বস্ত লোকসকলে প্ৰৱেশ পথতে ঘেৰাও কৰে । বিধায়কগৰাকীৰ সন্মুখতে তেওঁৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গান দিয়ে প্ৰতিবাদকাৰীসকলে ।

অভিযোগ অনুসৰি কৰ্দৈগুৰিবাসীয়ে দীৰ্ঘদিন ধৰি উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে । যাৰ বাবে তেওঁলোকে এখন ম'ডেল হাস্পতালৰ দাবী কৰিছিল । আনকি হাস্পতালখনৰ বাবে সুদীৰ্ঘ বছৰ বছৰ ধৰি কিছু ভূমিও সংৰক্ষণ কৰি ৰাখিছিল ।

কিন্তু উক্ত ভূমিত হাস্পতালৰ পৰিৱৰ্তে এখন মডেল অংগণবাড়ী কেন্দ্ৰ স্থাপন কৰি উদ্বোধন কৰিবলৈ আহিছিল বিধায়কগৰাকী (Public of constituency unhappy with Rupesh Gowala)। যাৰ বাবে ক্ষোভিত ৰাইজে বিধায়কগৰাকীক আদবাটতে ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আশংকাত পূৰ্বৰে পৰাই সষ্টম হৈ আছিল বাঘজান আৰক্ষী । অৱশ্যে পৰৱৰ্তী সময়তে বিধায়কগৰাকী প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছতহে পৰিস্থিতি শান্ত হয় ।

লগতে পঢ়ক :অসমৰ মন্ত্ৰীৰ অদক্ষতাৰ বাবে অৰুণাচলৰ হাতত অসমৰ বহু মাটি : আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.