তিনিচুকীয়াত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Sep 6, 2022, 9:32 AM IST

protest in front of tinsukia circle office

বিভিন্ন সমস্যাৰে জৰ্জৰিত চাহ শ্ৰমিকসকল । বিভিন্ন সময়ত দাবী পূৰণৰ বাবে তেঁওলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও আজিকোপতি পূৰ্ণ কৰা হোৱা নাই তেঁওলোকৰ দাবীসমূহ(Demands of Tea workers) । পুনৰ কেইবাটাও দাবীৰে শিক্ষক দিৱসৰ দিনাই তিনিচুকীয়াত প্ৰতিবাদত বহিল চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি(CSMSS protest against Assam Govt) ।

তিনিচুকীয়া,৬ ছেপ্তেম্বৰ: বিভিন্ন সমস্যাৰে পুৰিপূৰ্ণ হৈ থকা চাহ শ্ৰমিকৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা চৰকাৰৰ বিৰুদ্ধে শিক্ষক দিৱসৰ দিনাই প্ৰতিবাদত বহিল চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে(CSMSS protest against Assam Govt) । অতিশীঘ্ৰে দাবী পূৰণ কৰাৰ দাবীত বিভিন্ন শ্লোগানেৰে কঁপাই তুলিলে তিনিচুকীয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদ(CSMSS protest in Tinisukia) ।

প্ৰতিবাদী কাৰ্যসুচীৰ জৰিয়তে উত্থাপন কৰে কেতবোৰ গুৰুত্বপূৰ্ণ দাবী(Demands of Tea workers) । যেনে শ্ৰমিকে ভোগ দখল কৰি থকা মাটিৰ পট্টা প্ৰদান কৰা, চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অনুসৰি শ্ৰমিকৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰা, মহিলা চাহ শ্ৰমিকক বাগিচাৰ কলঘৰত নিযুক্তি দিয়া বন্ধ কৰা, চাহ বাগিচা উচ্ছেদ কৰি বিমান বন্দৰ অথবা অন্যান্য চৰকাৰী আঁচনি ৰূপায়ণৰ দৰে কামকাজ অতিশীঘ্ৰে বন্ধ কৰা আদি কেতবোৰ দাবীৰে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

তিনিচুকীয়াত CSMSS ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

উল্লেখ্য যে, কাৰ্যসূচীৰ জৰিয়তে উপৰোক্ত দাবীসমূহৰ ক্ষেত্ৰত অতিশীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়(Demand to solve the problem of tea workers) । অন্যথা অনাগত দিনত ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰী সকলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কেন্দ্ৰীয় সমিতিৰ সভাপতি মুৰলী তাঁতী, কৃষক মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মানৱ চেতিয়া, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, তিনিচুকীয়া জিলাৰ সভাপতি, সম্পাদকৰ লগতে সমিতিৰ বিষয়-ববীয়াসকল । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ।

লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰী তথা পত্নীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত প্ৰতিবাদ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.