তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

author img

By

Published : Dec 7, 2021, 10:06 AM IST

তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ

তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত প্ৰতিবাদ (Protest in front of DC Office Tinsukia) ৷ খহনীয়াত সৰ্বস্বান্ত হোৱা লোকসকলে সমস্যা সমাধানৰ দাবীৰে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ ৷

তিনিচুকীয়া, 7 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ ৩ নং কৰ্দৈগুৰি, কাইটিয়া, শিমলুগুৰি সত্ৰকে ধৰি কেইবাখনো গাঁৱৰ বান বিধ্বস্ত আৰু খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালে শ্ৰীশ্ৰীটিপুক শিমলুগুৰি মায়ামৰা ব্ৰজপুৰ সত্ৰৰ সত্ৰাধিকাৰৰ উদ্যোগত সোমবাৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

লগতে পঢ়ক: উত্তৰ-পূৱৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ দাবী এজেপিৰ

তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ(Protest in front of DC Office Tinsukia) ৷ প্ৰতিবাদকাৰীসকলে জিলাখনৰ তালাপ কৰ্দৈগুৰি অঞ্চলত হৈ থকা বান-খহনীয়া সমস্যা(Erosion problem in Tinsukia) ৰ স্থায়ী সমাধান, বান-খহনীয়াত ক্ষতিগ্ৰস্তসকলক পুনৰ সংস্থাপন, ভূমি আৱণ্টন আৰু উচিত ক্ষতিপূৰণ প্ৰদান, ৩ নং কৰ্দৈগুৰি গৰিয়াটিং গাঁৱত নিৰ্মাণ কৰা মেগাবেগ আৰু কাৰ্পেটৰ কামৰ দুৰ্নীতিৰ উচিত তদন্তৰ লগতে মেৰামতি কৰি অঞ্চলটোৰ সুৰক্ষাৰ ব্যৱস্থা কৰা আদি বহুকেইটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে ।

উল্লেখ্য যে, ৩ নং কৰ্দৈগুৰি গৰিয়াটিং গাঁৱৰ লগতে স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে বিগত সময়চোৱাত বহু প্ৰতিবাদ, সংগ্ৰাম কৰাৰ পাছতো আজিপৰ্যন্ত দুৰ্ভগীয়া লোকসকলৰ দাবীসমূহ পূৰণ কৰা নহ'ল । ১৯৯২ চনৰ পৰাই জীয়া যন্ত্ৰণাৰ মাজেৰে জীৱন অতিবাহিত কৰি অহা লোকসকলে ন্যায় লাভৰ আশাৰে বাট চাইছে চৰকাৰলৈ ৷

লগতে পঢ়ক: ATTSA Protest : বৰবাম চাহ বাগিচাত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.