তিনিচুকীয়াত বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ অসমৰ ৬ জনগোষ্ঠী

author img

By

Published : Sep 15, 2022, 5:09 PM IST

Updated : Sep 15, 2022, 9:29 PM IST

Protest

জনজাতিকৰণক লৈ উত্তাল ৰাজ্য (Protests in Assam demanding ST)। অসমৰ ৬ জনগোষ্ঠীক কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে গৰজি উঠিল ৰাজ্যৰ দল-সংগঠন । তিনিচুকীয়াত দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ জুমুঠি দাহ ।

তিনিচুকীয়া, ১৫ ছেপ্টেম্বৰ : জনজাতিকৰণক লৈ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে (Protest over ST grant decision)। জনজাতিকৰণৰ দাবী কৰি অহা অসমৰ ৬ টাকৈ জনগোষ্ঠীয়ে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । জনগোষ্ঠীকেইটাৰ কেইবাটাও সংগঠনে বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ।

বাকী জিলাসমূহৰ দৰে বৃহস্পতিবাৰে তিনিচুকীয়া জিলাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে জনগোষ্ঠীকেইটাই (Six communities protest at Tinsukia)। তিনিচুকীয়া থানা চাৰিআলিত মৰাণ, মটককে ধৰি ছয় জনগোষ্ঠীৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদকাৰীসকলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ, জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জুমুঠি দাহ কৰে ।

তিনিচুকীয়াত বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ অসমৰ ৬ জনগোষ্ঠী

উক্ত কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিয়ে যে চৰকাৰে কেৱল অসমৰ চাহ, অসমৰ কয়লা এইবোৰত চকু দিলে নহ'ব । অসমত বসবাস কৰা ৬ জনগোষ্ঠীকো চকু দিব লাগিব বুলি কেন্দ্ৰীয় চৰকাৰক হুংকাৰ প্ৰদান কৰে মটক জনগোষ্ঠীৰ ছাত্ৰ সংগঠন মটক যুৱ ছাত্ৰ সন্মিলনে । লগতে মৰাণ জনগোষ্ঠীৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাইও পুত্তলিকা দাহ কাৰ্যসূচীৰ যোগেদি কেন্দ্ৰীয় তথা অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে । আনহাতে মৰাণ, মটক আৰু অসমৰ বাকী জনগোষ্ঠীকেইটাক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে চৰকাৰক দাবী জনায় ।

উল্লেখ্য যে বুধবাৰে এক ঐতিহাসিক সিদ্ধান্তত কেন্দ্ৰীয় কেবিনেটে (Union Cabinet led PM Modi granted ST) ছট্টিশগড়, হিমাচল প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ অনুসূচিত জনজাতিৰ শ্ৰেণীত কেইবাটাও জনজাতীয় সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনায় (Union Cabinet approved 5 states tribes as ST) ।

অসমতো ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে । কিন্তু বুধবাৰৰ কেন্দ্ৰীয় কেবিনেটে অসমৰ এই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিবেচনা নকৰিলে (6 tribes demanding ST in Assam) । যাৰ বাবে এতিয়া উক্ত ছয় গোষ্ঠীয়ে জনজাতিকৰণৰ দাবীত সোচ্চাৰ হৈ পৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে ।

লগতে পঢ়ক :শিৱসাগৰত বিদ্যুৎ কৰ্মচাৰীৰ প্ৰতিবাদ

Last Updated :Sep 15, 2022, 9:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.