তিনিচুকীয়াত এমহীয়া আৰক্ষী নিযুক্তি প্ৰশিক্ষণ শিবিৰ মুকলি

author img

By

Published : Sep 9, 2021, 10:48 PM IST

তিনিচুকীয়াত এমহীয়া আৰক্ষী নিযুক্তি প্ৰশিক্ষণ শিবিৰ মুকলি

ভাৰতীয় জনতা পাৰ্টিৰ ভাতৃ সংগঠন অনুসূচীত জাতি মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত, তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত বৃহস্পতিবাৰৰ পৰা বৰগুৰিস্থিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (ITI) খেলপথাৰত যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এমহীয়া আৰক্ষী নিযুক্তি প্ৰশিক্ষণ শিবিৰ মুকলি কৰে ।

তিনিচুকীয়া, 9 ছেপ্তেম্বৰ: অসম চৰকাৰে প্ৰায় ১ লাখ নিবনুৱাক সংস্থাপন দিয়া হ’ব বুলি ঘোষণা কৰাৰ সময়তে অসম আৰক্ষী বিভাগত নিযুক্তিৰ বাবে তিনিচুকীয়া জিলাত শাসকীয় দলৰ লগতে আৰক্ষী প্ৰশাসনেও নিবনুৱা যুৱক-যুৱতী সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ।

তিনিচুকীয়াত এমহীয়া আৰক্ষী নিযুক্তি প্ৰশিক্ষণ শিবিৰ মুকলি
তিনিচুকীয়াত এমহীয়া আৰক্ষী নিযুক্তি প্ৰশিক্ষণ শিবিৰ মুকলি

ভাৰতীয় জনতা পাৰ্টিৰ ভাতৃ সংগঠন অনুসূচীত জাতি মৰ্চাৰ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত, তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত বৃহস্পতিবাৰৰ পৰা বৰগুৰিস্থিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (ITI) খেলপথাৰত যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এমহীয়া আৰক্ষী নিযুক্তি প্ৰশিক্ষণ শিৱিৰ মুকলি কৰে ।

তিনিচুকীয়াত এমহীয়া আৰক্ষী নিযুক্তি প্ৰশিক্ষণ শিবিৰ মুকলি

লগতে পঢ়কঃ গোলাঘাটত ভাৰতীয় মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ

এই প্ৰশিক্ষণত জিলাখনৰ সমূহ অঞ্চলৰ যুৱক-যুৱতী সকলক সাঙুৰি লোৱা হৈছে । বৃহস্পতিবাৰে প্ৰায় ৮০ জনতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে । প্ৰশিক্ষণ শিৱৰটোৰ শুভাৰম্ভ কৰা প্ৰাকক্ষণত অনুষ্ঠানত পোন প্ৰথমে বুধবাৰে মাজুলীৰ নিমাতী ঘাটত সংঘটিত হোৱা ঘটনাত মৃত্যু বৰণ কৰা লোক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে বিজেপি ৰাজ্যিক সমিতিৰ হৈ ভবেন শৰ্মা, কিষাণ মৰ্চা অসমৰ সম্পাদক সঞ্জীৱ বড়া, বিজেপি ৰাজ্যিক নেতা অৰুণজ্যোতি মৰাণ, বিজেপি কৰ্মী শৰৎ দাস, চাহ মৰ্চা তিনিচুকীয়া জিলাৰ সভাপতি অৰ্জুন গোৱালা, তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দেৱজৎ দেউৰী, উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বড়া, বিজেপি মণ্ডল সমিতিৰ সভাপতি পাপলু ৰয়, সম্পাদক দিগন্ত ফুকন আৰু বিজেপি জিলা সমিতিৰ সম্পাদিকা প্ৰিয়া দাস ।

লগতে পঢ়কঃ কলগাছিয়াৰ বালিকুৰি এনচি গাঁৱত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.