Paddy procurement centre : মাকুমত বিধায়ক বলীন চেতিয়াই মুকলি কৰিলে ধান ক্ৰয় কেন্দ্ৰ

author img

By

Published : Jan 11, 2023, 7:56 PM IST

Paddy procurement centre

মাকুমৰ বাইপাছৰ কাষত স্থাপন কৰা এটা ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে বিধায়ক বলীন চেতিয়াই (MLA Bolin Chetia inaugurates Paddy procurement centre)। প্ৰথম দিনটোতে বহু কৃষকে ধান বিক্ৰী কৰিবলৈ ভিৰ কৰে কেন্দ্ৰটোত । কৃষকসকলক গামোচাৰে আদৰণি জনাই বিধায়কগৰাকীয়ে ।

মাকুমত বিধায়ক বলীন চেতিয়াই মুকলি কৰিলে ধান ক্ৰয় কেন্দ্ৰ

তিনিচুকীয়া,১১ জানুৱাৰী : ভাৰত চৰকাৰে বিগত বছৰৰ দৰে এইবাৰো কৃষকসকলৰ বাবে আনিছে আশাৰ বতৰা ৷ এইবাৰ স্বাৱলম্বীৰ পথত আগবঢ়া কৃষকসকলে ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদক পোনপটীয়াকৈ ২,০৪০ টকাত বিক্ৰী কৰিব পাৰিব নিজেই কৰা খেতিৰ ধান । শালি ধান ক্ৰয় কৰিবলৈ চৰকাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছে ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ লাইপুলি, কাকপথাৰৰ পাছত বুধবাৰে মাকুমৰ বাইপাছৰ কাষত স্থাপন কৰা এটা ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় (Paddy procurement centres open in Makum)। শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই শুভ উদ্বোধন কৰে কেন্দ্ৰটো (Bolin Chetia inaugurates Paddy procurement centre)।

বিধায়কগৰাকীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছতে পুৰোহিতে মাংগলিক কাৰ্যৰে কেন্দ্ৰটোৰ শুভ উদ্বোধনৰ অনুষ্ঠান সম্পন্ন কৰে । ইয়াৰ পাছতে এখন সভা অনুষ্ঠিত কৰে আৰু উক্ত সভাখনত প্ৰথম দিনটোতে ধান বিক্ৰী কৰিবলৈ অহা কৃষকসকলক একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায় বিধায়ক বলীন চেতিয়াই ৷

প্ৰথম দিনটোতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কুইণ্টলে কুইণ্টলে ধান বিক্ৰী কৰিবলৈ কেন্দ্ৰটোলৈ আগবাঢ়ি অহাৰ কাৰণে কৃষকসকলক বিধায়কগৰাকীৰ লগতে অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয় ।

এই কেন্দ্ৰসমূহৰ পৰা কৃষসকলে এতিয়া অধিক স্বাৱলম্বী হ'ব বুলিও জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীয়ে লগতে কয় যে এতিয়া আৰু মধ্যভোগীৰ কাম নাই, কৃষকে চৰকাৰক পোনপটীয়াকৈ নিজে খেতি কৰা ধান প্ৰদান কৰাৰ পাছত কৃষকৰ বেংক একাউণ্টত সোমাব প্ৰাপ্য ধন ৷

উক্ত ধান ক্ৰয় কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ লগতে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতি, ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ তিনিচুকীয়া জিলাৰ বিষয়া-কৰ্মচাৰী, কৃষি বিভাগৰ শীৰ্ষ বিষয়া প্ৰমুখ্যে স্থানীয় কৃষকসকল উপস্থিত থাকে ।

উল্লেখ্য যে বিগত বছৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত এই ধৰণৰ ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হৈছিল । কিন্তু চৰকাৰে আশা কৰা ধৰণে কেন্দ্ৰসমূহত ধান বিক্ৰী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল ৰাজ্যৰ কৃষকসকলে (Paddy Procurement System)। যাৰ বাবে চৰকাৰে আশা কৰা ধৰণে লক্ষ্যত উপনীত হ'ব পৰা নাছিল । কিন্তু এইবাৰ চৰকাৰৰ আশা পূৰণ হ'ব নে ? সেয়া সময়েহে ক'ব !

লগতে পঢ়ক :Bagh Hazarika Controversy : প্ৰসংগ বাঘ হাজৰিকা: খিলঞ্জীয়া মুছলমান সমাজৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.