'জন এনার্জি' কোম্পানীৰ বাবে পুনৰ ৰঙা দলিচা অইলৰ

author img

By

Published : Sep 11, 2021, 5:12 PM IST

OIL tender issue

বাঘজানৰ ভয়াৱহ কাণ্ডৰ পিছতো শিক্ষা নল'লে অইল ইণ্ডিয়া লিমিটেডে । নতুন খাদৰ বাবে আহ্বান কৰা নিবিদাত অংশগ্রহণ কৰিবলৈ পুনৰ গুজৰাটী কোম্পানী 'জন এনার্জি'ক সুবিধা প্ৰদান । অইল কৰ্তৃপক্ষৰ কাণ্ডত ক্ষুদ্ধ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্ব ।

তিনিচুকীয়া, ১১ ছেপ্টেম্বৰ: আজিও অসমবাসীয়ে পাহৰিব পৰা নাই বাঘজানৰ সেই অভিশপ্ত দিনটোৰ কথা । বাঘজানৰ তৈলখাদৰ অগ্নিকাণ্ডই ছাৰখাৰ কৰিছিল বহু পৰিয়ালৰ বাসগৃহ, খেতিপথাৰ । আপোন ঘৰখন হেৰুৱাই আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হ'ল বহু পৰিয়ালে । এবছৰ সম্পূৰ্ণ হোৱাৰ পিছতো ক্ষতিপূৰণৰ বাবে সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বাঘজানৰ ৰাইজে ।

বাঘজানৰ অগ্নিকাণ্ডৰ বাবে 'জন এনার্জি' কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল । কিন্তু ইমানৰ পিছতো অইল ইণ্ডিয়া লিমিটেডে 'জন এনার্জি' কোম্পানীক কাম দিবলৈ পুনৰ যো-জা চলাইছে । কিয়নো, শেহতীয়াকৈ যোৱা ২ জুলাইত প্ৰকাশিত নিবিদাৰ এখন জাননীত দেখা গৈছে যে, ৰাজ্যৰ বিভিন্ন ঠাইত খনন কৰিব লগা ২০০০ এইচ পি(horse power)ৰ নতুন খাদৰ বাবে নিবিদাত অংশগ্রহণ কৰিবলৈ জন এনার্জি কোম্পানীক সুবিধা প্ৰদান কৰিছে । উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ বাঘজানত অইলৰ বি জি আৰ ৫ তৈলখাদত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে তৈলখাদটোৰ দায়িত্বত থকা জন এনার্জি লিমিটেডৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল ।

জন এনার্জি কোম্পানীৰ বাবে পুনৰ ৰঙা দলিচা অইলৰ

বাঘজানৰ অগ্নিকাণ্ডৰ পিছতে দায়িত্বত থকা ঠিকাদাৰী প্রতিষ্ঠান জন এনার্জি লিমিটেডৰ ভুলৰ বাবেই এনে ঘটনা সংঘটিত হ'ল বুলি এক্সপার্ট ইঞ্জিনীয়াৰসকলে মন্তব্য কৰিছিল ।

বাঘজানৰ ঘটনা তদন্তৰ আওতাত থকা স্বত্বেও কেনেকৈ জন এনার্জিক নিবিদাত অংশগ্রহণ কৰিবলৈ সুবিধা প্ৰদান কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে । লগতে পুনৰ এই কোম্পানীটোক অসমত প্ৰৱেশ কৰিবলৈ নিদিয়ে বুলিও স্পষ্ট কৰি দিছে সংগঠনটোৰ সম্পাদক উমানন্দ মুদৈ মৰাণে । অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে সংগঠটোৱে ।

লগতে পঢ়ক:অভয়াপুৰীত বানাক্ৰান্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.