তিনিচুকীয়াত ককায়েকে কটাৰিৰে ৰেপি হত্যা কৰিলে ভনী জোঁৱাইক

author img

By

Published : Sep 3, 2021, 10:42 PM IST

তিনিচুকীয়াত ককায়েকে কটাৰিৰে ৰেপি হত্যা কৰিলে ভনী জোঁৱাইক

তিনিচুকীয়া জিলাৰ ধলা ডাঙৰী নিজৰাপাৰত বৃহস্পতিবাৰে নিশা এক লোমৰ্হষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা জচলেন মুড়া নামৰ লোকজনে নিজৰ ভনী জোঁৱাই ৰাম ভূমিজক কটাৰীৰে ৰেপি হত্যা কৰিছে ৷

শদিয়া,3 ছেপ্তেম্বৰ: ৰাজ্যত দিনক দিনে অপৰাধ জনিত ঘটনা বৃদ্ধি পাৱলৈ ধৰিছে ৷ প্ৰতিদিনেই হত্যা, হিংসা আদি হিসাত্মক ঘটনাই সংবাদ শিৰুনাম দখল কৰি আহিছে ৷ আৰক্ষী তথা প্ৰশাসন যিমানেই কঠোৰ হৈছে সিমানেই অপৰাধীয়েও বিভিন্ন ধৰণৰ অপৰাধজনীত ঘটনা সংঘটিত কৰি আহিছে, যি বিষয়টোৱে ৰাজ্যৰ সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ৷

এই সকলোবোৰৰ মাজতে তিনিচুকীয়া জিলাৰ ধলা ডাঙৰী নিজৰাপাৰত বৃহস্পতিবাৰে নিশা এক লোমৰ্হষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ ঘটনা অনুসৰি বৃহস্পতিবাৰে নিশা জচলেন মুড়া নামৰ লোকজনে নিজৰ ভনী জোঁৱাই ৰাম ভূমিজক কটাৰীৰে ৰেপি হত্যা কৰা বুলি জানিব পৰা গৈছে ৷ হত্যাকাণ্ডটো সংঘটিত হৈছে এটা সাধাৰণ কথাতে ৷ ঘৰৰ জেওৰা দিয়াৰ বিষয়টোক লৈয়ে এই কাণ্ডটো সংঘটি হৈছে ৷

ইপিনে ঘটনাটোৰ বিষয়ে জানিব পাৰি শুকুৰবাৰে পুৱা স্থানীয় ৰাইজে অভিযুক্ত হত্যাকাৰী জচলেন মুড়াক কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে ৷ আনহাতে মৃতদেহটো উদ্ধাৰ কৰি তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে তালাপ আৰক্ষীয়ে ৷ জানিব পৰা মতে, হত্যাকাৰীক জছলেন মুড়াক তালাপ আৰক্ষীৰ যোগেদি ডুমডুমা আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে বৌদ্ধিক সম্পদ চুৰিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.