লিডু কয়লা খনিত তিনি শ্ৰমিকৰ মৃত্যু

author img

By

Published : Sep 19, 2022, 12:36 PM IST

Updated : Sep 19, 2022, 2:20 PM IST

লিডু কয়লা খনিত তিনি শ্ৰমিকৰ মৃত্যু

লিডু কয়লা খনিত অঘটন ৷ ডিভিড নাগাৰ কয়লা খনিত গেছ লিক হোৱাৰ ফলতে 3 শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে (Laborers die at Lidu coal mine) ৷ মৃত শ্ৰমিককেইজন ছহিদুল ইছলাম, হুছেইন আলী আৰু আছমত আলী ৷

তিনিচুকীয়া, 19 ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ লিডু কয়লা খনিত অঘটন ৷ ডিভিড নাগাৰ কয়লা খনিত দেওবাৰে নিশা আকস্মিকভাৱে মৃত্যু হয় তিনি শ্ৰমিকৰ (Laborers die at Lidu coal mine) ৷ কয়লা খনিত গেছ লিক হোৱাৰ ফলতে শ্ৰমিককেইজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আত্মীয় তথা স্থানীয় ৰাইজে ৷

জানিব পৰা মতে, লিডুৰ কংগ্ৰেছ ফিল্ডৰ সমীপৰ কয়লা খনিত সংঘটিত হৈছে এই ঘটনাটো ৷ নিহত শ্ৰমিক কেইজন বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী বুলি জানিব পৰা গৈছে ৷

কেৱল এইকেইজনেই নহয়, গুৰুতৰভাৱে আহত হৈছে আন কেইবাজনো শ্ৰমিক ৷

লিডু কয়লা খনিত তিনি শ্ৰমিকৰ মৃত্যু

আনহাতে, নিহতৰ আত্মীয়ই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, দেওবাৰে নিশা সংঘটিত হোৱা এই ঘটনাটোক গাপ দিয়াৰ চেষ্টা কয়লাৰ খনিটোৰ মালিকে ৷ পৰিয়ালৰ লোকক এই সন্দৰ্ভত কোনো কথাই জানিব দিয়া নাছিল ৷

আনকি দেওবাৰে নিশা অতি গোপনৰে জেচিবি লগাই মৃত্যু হোৱা শ্ৰমিককেইজনৰ মৃতদেহ পুতি থোৱাৰ অভিযোগ উত্থাপন কৰিছে খনিটোৰ মালিকৰ বিৰুদ্ধে ৷

লগতে পঢ়ক : চত্তীছড়ৰ সুকমাত আত্মসমৰ্পণ 5 নক্সালবাদী

Last Updated :Sep 19, 2022, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.