তিনিচুকীয়াত তিনিদিনীয়া কৰম পৰৱৰ সামৰণি

author img

By

Published : Sep 13, 2022, 3:10 PM IST

Updated : Sep 13, 2022, 8:09 PM IST

Karam puja

কৰম পৰৱৰ লগত সংগতি ৰাখি যোৱা ৯, ১০ আৰু ১১ ছেপ্টেম্বৰ তাৰিখে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) দীঘলতৰং প্ৰাথমিক গোটৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত দীঘলতৰং বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা ২৪ সংখ্যক কৰম পৰৱ উদযাপনৰ সোমবাৰে সফল সামৰণি পৰে (Karam festival celebrated in Tinsukia) ।

তিনিচুকীয়া, ১৩ ছেপ্টেম্বৰ : সমগ্ৰ অসমৰ লগতে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে চাহ জনগোষ্ঠীসকলৰ প্ৰধান উৎসৱ কৰম পূজা তথা কৰম পৰৱ (Karam festival celebrated in Tinsukia) । চাহ জনগোষ্ঠীসকলে পৰম্পৰাগত নীতি-নিয়মেৰে এই উৎসৱ পালন কৰি আহিছে ।

ইয়াৰ সমান্তৰালভাৱে কৰম পৰৱৰ লগত সংগতি ৰাখি যোৱা ৯, ১০ আৰু ১১ ছেপ্টেম্বৰ তাৰিখে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) দীঘলতৰং প্ৰাথমিক গোটৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত দীঘলতৰং বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজন কৰা ২৪ সংখ্যক কৰম পৰৱ উদযাপনৰ সোমবাৰে সফল সামৰণি পৰে । তিনিদিনীয়া কাৰ্যসূচীত কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হয় (Karam puja in Assam) ।

তিনিচুকীয়াত তিনিদিনীয়া কৰম পৰৱৰ সামৰণি

প্ৰথম দিনৰ কাৰ্যসূচীত সৃষ্টিশীল নৃত্য, আধুনিক নৃত্য, দলীয় নৃত্য আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । দ্বিতীয় দিনৰ কাৰ্যসূচীত চাহ জনগোষ্ঠীসকলৰ ঝুমুৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু তৃতীয় দিনৰ কাৰ্যসূচীত দীঘলতৰং চাহ বাগিচাৰ প্ৰয়াত মতিৰাম কৈৰীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে (Tea tribe festival Karam) । লগতে চাহ জনগোষ্ঠীৰ দমকৈজ নৃত্য আৰু উৰিয়া নৃত্য অনুষ্ঠিত কৰা হয় ।

ইয়াৰ পিছতে মুকলি আৰু বঁটা বিতৰণী সভা আয়োজন কৰা হয় । মুকলিসভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম জাতীয় মহাসভা, তিনিচুকীয়া জিলা সমিতিৰ বাবলু কুলদ্বীপ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চাহ মজদুৰ সংঘৰ নেতৃবৃন্দ, সদৌ আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দ, বজৰং দল ডুমডুমা শাখা সমিতিৰ সহকাৰী সম্পাদক সুজিত তাঁতী, অসম মৰাণ সভা, বাঘজান শাখাৰ সভাপতি, বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ সভাপতি, সম্পাদকৰ লগতে বিশিষ্ট ব্যৱসায়ী, বুদ্ধিজীৱীসকল (Symbol of love Karam Festival) ।

সভাৰ নিৰ্দিষ্ট বক্তাই চাহ জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাৰ ওপৰত ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰি যাবলৈ অনুৰোধ জনায় । আনহাতে, বিভিন্ন প্ৰান্তত চাহ বাগিচা উচ্ছেদ কৰা কাৰ্যৰ বিৰোধিতা কৰি কয় যে চাহ বাগিচাৰ ওপৰত জীৱিকা নিৰ্বাহ কৰি অহা চাহ শ্ৰমিকসকল অতি সংকটৰ দিশলৈ গতি কৰিছে । গতিকে এনে কাৰ্য বন্ধ কৰিবলৈ সকলোকে মাৰ বান্ধি থিয় হবলৈ আহ্বান জনায় ।

মুকলি আৰু বঁটা বিতৰণী সভাৰ পিছতে আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হয় । সাংস্কৃতিক অনুষ্ঠানত বিশেষভাৱে আমন্ত্ৰণ জনোৱা হয় চাহ জনগোষ্ঠীৰ অতি জনপ্ৰিয় গণ মাধ্যম (You tube) টেমঢেলি নামৰ গোটটোক । লগতে শিল্পী ৰিয়ান চেছ, নিৰন্ত নীলিম হাজৰিকাই সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়ায় । উল্লেখ্য, আগন্তুক বৰ্ষত ৰূপালী জয়ন্তী উপলক্ষে উলহ-মালহেৰে কৰম পূজা আয়োজন কৰিবলৈ এতিয়াৰে পৰাই প্ৰস্তুতি চলাব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক :ভবেশ কলিতাৰ হুংকাৰে টলাব পৰা নাই জয়া কলিতাক

Last Updated :Sep 13, 2022, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.