Digboi extortion case: ডিগবৈত ধনদাবী কৰা সাংবাদিকসহ দুই স্বয়ম্ভূ নেতাক গ্ৰেপ্তাৰ
Published: Mar 15, 2023, 9:21 PM


Digboi extortion case: ডিগবৈত ধনদাবী কৰা সাংবাদিকসহ দুই স্বয়ম্ভূ নেতাক গ্ৰেপ্তাৰ
Published: Mar 15, 2023, 9:21 PM
ডিগবৈত ধনদাবী কৰি গ্ৰেপ্তাৰ হ’ল এটা ব্যক্তিগত চেটেলাইট চেলেনৰ সাংবাদিকসহ এটা সংগঠনৰ দুই স্বয়ম্ভূ নেতা (Journalist arrested in Digboi) ৷ সোমবাৰে তিনিওকে গ্ৰেপ্তাৰ কৰি জেলা চলাই মঙলবাৰে আৰক্ষীয়ে প্ৰেৰণ কৰে ন্যায়িক জিম্মালৈ ৷ ৰঞ্জিত শুক্লবৈদ্য নামৰ এজন ব্যক্তিৰ পৰা তিনিও লুট কৰিছিল 40 লাখ 50 হাজাৰ টকা ৷
তিনিচুকীয়া, 14 মাৰ্চ: ধন দাবীৰ অভিযোগত তিনিচুকীয়া জিলাৰ ডিগবৈত এগৰাকী সাংবাদিকসহ এটা সংগঠনৰ দুই নেতাক গ্ৰেপ্তাৰ ৷ এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিক মনোৰঞ্জন দাস আৰু অনুসূচিত জাতিৰ এটা সংগঠনৰ নেতা অপূৰ্ব হাজৰিকা আৰু মনোজ কুমাৰ দাসক সোমবাৰে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰ নিৰ্দেশত ডিগবৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Journalist arrested in Digboi) ৷
তিনিওজনৰ বিৰুদ্ধে 120/(B)/386 ধাৰাত 48/2023 নম্বৰত গোচৰ ৰুজু কৰি সোমবাৰৰ পৰা মঙলবাৰলৈ ডিগবৈ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখে আৰু পৰৱৰ্তী সময়ত মঙলবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ তিনিজনৰ বিৰুদ্ধে থকা অভিযোগ অনুসৰি আই অ' চিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৰঞ্জিত শুক্লবৈদ্যক ধন দাবী কৰি 40 লাখ 50 হাজাৰ টকা লুট কৰিছিল ৷ ভুৱা SC প্ৰমান পত্ৰ লৈ চাকৰি কৰিছিল বুলি ভাবুকি দি ধন লুটিছিল ধৃত তিনিয়ে (Digboi extortion case) ।
পৰৱৰ্তী সময়ত ভুক্তভোগী ৰঞ্জিত শুক্লবৈদ্যই তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপক দিয়া এখন এজাহাৰৰ ভিত্তিত সোমবাৰে গ্ৰেপ্তাৰ কৰে সাংবাদিকসহ আন দুই স্বয়ম্ভু নেতাক ৷ ভুক্তভোগী ৰঞ্জিত শুক্লবৈদ্যই জানিব দিয়া অনুসৰি, 2022 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা শুক্লবৈদ্যক ভাবুকি দি কিস্তি কিস্তি কৈ ল’লে বৃহৎ অংকৰ ধন ৷ ভাবুকি আৰু মানসিক নিৰ্যাতনত যথেষ্ট স্বাস্থ্যৰ অৱনতি ঘটিছিল ৰঞ্জিত শুক্লবৈদ্যৰ ৷ বৈদ্যৰ ঘৰখনতো চিন্তাত মৰিশালি সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল (Journalist demanded money in Digboi) ৷
পৰৱৰ্তী সময়ত কোনো উপায় বিচাৰি নাপায় আৰক্ষী অধীক্ষকৰ কাষ চাপে ভুক্তভোগীয়ে ৷ এতিয়া ডিগবৈ মিচনপাৰা পূৰ্ণিমা নগৰৰ বাসিন্দা ৰঞ্জিত শুক্লবৈদ্যৰ লগতে পৰিয়াল লোকে নিৰাপত্তাহীনতাত ভুগিছে বুলি উল্লেখ কৰিছে ৷
এনেদৰে ভয় ভাবুকিৰে সমগ্ৰ অসমতে ধন দাবী কৰা এটা কুখ্যাত চক্ৰ ৰাজ্যখনত আছে বুলি সন্দেহ প্ৰকাশ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে উক্ত ঘটনাটো গুৰুত্বসহকাৰে লোৱাৰ লগতে তদন্ত ক্ষীপ্ৰতাৰে আগবঢ়াই নিয়া বুলি জানিব পৰাৰ লগতে উক্ত ঘটনাৰ সৈতে জড়িত আৰু লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি চৰ্চিত হৈছে (Journalist arrested for demanding money) ৷
আনহাতে, প্ৰকৃততে ৰঞ্জিত শুক্লবৈদ্যই ভুৱা SC ৰ প্ৰমাণপত্ৰ দাখিল কৰি IOCL ত লাভ কৰিছিল নেকি চাকৰি ? যদিহে ভুৱা SCৰ প্ৰমাণপত্ৰ দাখিল কৰিয়েই চাকৰি লাভ কৰিছিল তেন্তে চাকৰিৰ অৱসৰ লোৱাৰ পাচতো কিয় আৰক্ষীৰ চকুত কিম্বা SC ৰ সংগঠনৰ চকুত নপৰিল ? নে ধৃত তিনিজনৰ দৰেই আৰু আন কোনো সংগঠন কিম্বা ব্যক্তিয়ে লুট কৰিছিল নেকি বৃহৎ পৰিমাণৰ ধন ? এই সমগ্ৰ তথ্য আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব ৷
ইফালে, উক্ত ঘটনাৰ পাচতে ব্যক্তিগত চেটেলাইট চেলেনটোৰ সম্পাদকে এখন পত্ৰ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰি তদন্তত চেনেলৰ তৰফৰ পৰা আৰক্ষীক সম্পূৰ্ণ সহায় কৰাৰ কথা উল্লেখ কৰাৰ লগতে মনোৰঞ্জন দাসক চেনেলৰ পৰা অব্যাহতি দিয়া বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক: State Film Award Controversy :বঁটা বিতৰ্কক লৈ কি ক'লে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই ?
