নিচামুক্ত অসম গঢ়াৰ উদ্দেশ্যেৰে অসম আৰক্ষী জোৱানৰ অভিনৱ পদক্ষেপ

author img

By

Published : Aug 30, 2021, 1:59 PM IST

innovative-steps-of-assam-police-jawan

নিচামুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষীয়ে ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক অভিযান অব্যাহত ৰাখিছে ৷ এনে সময়তে দুজন আৰক্ষী বিষয়াই জনগণৰ মাজত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷

তিনিচুকীয়া, 30 আগষ্ট : আন্তঃৰাষ্ট্ৰীয় কিক্ বক্সিং খেলুৱৈ তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত আৰক্ষী জোৱান সোণেশ্বৰ বৰা আৰু অসম আৰক্ষীৰ আন্তৰিক সুৰক্ষা পদক প্ৰাপ্ত জোৱান দ্বীপেন গগৈৰ কণ্ঠত মুক্তি লাভ কৰিলে চকু (Vision of the Target) শীৰ্ষক এটা গীতৰ ভিডিঅ' ৷ গীতটোৰ কথা-সুৰ মৃণাল বৰগোঁহাইৰ আৰু সংগীত ব্যৱস্থাপনা কৰিছে প্ৰিয়ম গগৈৰ ।

যিটো সময়ত ড্ৰাগছ জাতীয় নিচাযুক্ত সমগ্ৰী সেৱন কৰি একাংশ যুৱকে সমাজ তথা পৰিৱেশ বিনষ্ট কৰিছে, তেনে সময়তে ৰাইজক এখন সুস্থ সমাজ গঢ়ি তোলাৰ আহ্বানেৰে দুগৰাকী আৰক্ষী জোৱানে প্ৰস্তুত কৰি উলিয়াইছে ‘চকু' নামৰ এই গীতটো । সম্প্ৰতি এই ভিডিঅ' গীতটোৱে এতিয়া সামাজিক মাধ্যমত বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ।

নিচামুক্ত অসম গঢ়াৰ উদ্দেশ্যেৰে অসম আৰক্ষী জোৱানৰ অভিনৱ পদক্ষেপ

গীতটোত কণ্ঠদান কৰা আৰক্ষী জোৱান সোণেশ্বৰ বড়া আৰু দ্বীপেন গগৈৰ ৰাইজলৈ আহ্বান-নিচাজাতীয় সামগ্ৰীৰ পৰা নিজৰ সন্তানক ৰক্ষা কৰক আৰু এখন সুন্দৰ পৃথিৱী গঢ়ি তোলক ।

উল্লেখ্য যে, ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিচামুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষীক নিৰ্দেশ দিয়ে ৷ অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আৰক্ষীৰ এই অভিযানৰ বহু নিচাজাতীয় সামগ্ৰী জব্দ হোৱাৰ লগতে কেইবাটাও নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ীৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : গোলাঘাটৰ স্বাস্থ্যখণ্ডত দুটাকৈ নৱতম সংযোজন মন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.