Coal syndicate: কয়লা ভৰ্তি ট্ৰাক অৱৰোধ প্ৰাক্তন আলফা নেতাৰ, উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jan 20, 2023, 2:13 PM IST

Coal syndicate

তিনিচুকীয়াত কয়লাৰ অবৈধ সৰবৰাহ অব্যাহত আছে ! প্ৰাক্তন আলফা সদস্যই আৱদ্ধ কৰিলে শতাধিক কয়লা ভৰ্তি ট্ৰাক (Ex ULFA leader blocks coal loaded truck)। আৰক্ষী আৰু যুৱকসকলৰ মাজত বাক-বিতণ্ডা । প্ৰতিবাদকাৰীক আটক কৰিলে আৰক্ষীয়ে ।

কয়লা ভৰ্তি ট্ৰাক অৱৰোধ প্ৰাক্তন আলফা নেতাৰ

তিনিচুকীয়া,২০ জানুৱাৰী : তিনিচুকীয়া জিলাৰ মাকুমত হুলস্থূলীয়া পৰিৱেশ (Tense situation in Makum)। প্ৰাক্তন আলফা নেতা আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড হতাহতি । অবৈধ কয়লাৰ বাহন অৱৰোধ কৰিবলৈ আহি আৰক্ষীৰে তৰ্ক-যুদ্ধত লিপ্ত হ'ল প্ৰাক্তন আলফা নেতা আৰু স্থানীয় যুৱক । অৱশেষত যুৱককেইজনক আটক কৰে মাকুম আৰক্ষীয়ে । ঘটনাক লৈ তীব্ৰ উত্তেজনা অঞ্চলটোত ।

উল্লেখ্য যে ৰাজ্যত কয়লা চিণ্ডিকেট কোনো নতুন কথা নহয় (Coal syndicate in Assam)। বছৰ বছৰ ধৰি ৰাজ্যত অব্যাহত আছে এই কয়লাৰ অবৈধ ব্যৱসায় । যাক লৈ বিভিন্ন সময়ত ৰাজ্যৰ ৰাজনীতিটো খলকনিৰ সৃষ্টি হোৱা দেখা গৈছে । তিনিচুকীয়া জিলাৰ অসম-অৰুণাচলৰ সীমান্তৰ মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত কয়লাৰ চোৰাং বেহা দীৰ্ঘদিন ধৰি অব্যাহত আছে (Illegal supply of coal in Tinsukia)। আৰক্ষী, বন বিভাগ, পৰিবহণ বিভাগৰ সন্মুখেৰে নিতৌ বহিঃৰাজ্যলৈ শ শ ট্ৰাকেৰে কয়লা অবৈধ সৰবৰাহ চলি আছে । এই অভিযোগ বিভিন্ন দল-সংগঠনৰ ।

কিন্তু প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজপথলৈ ওলাই আহিল প্ৰাক্তন আলফা সদস্য আৰু একাংশ স্থানীয় যুৱক । বৃহস্পতিবাৰে নিশা তিনিচুকীয়া জিলাৰ মাকুম আৰক্ষী থানাৰ অন্তৰ্গত মাকুম বাইপাছত তেওঁলোকে জব্দ কৰে শতাধিক কয়লা ভৰ্তি ট্ৰাক (Ex ULFA leader blocks coal loaded truck)৷ কয়লাৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে যুৱকসকলে । তেওঁলোকৰ অভিযোগ ট্ৰাকসমূহেৰে অবৈধভাৱে কয়লা সৰবৰাহ কৰা হৈছে ।

যাৰ বাবে লিডুৰ বিভিন্ন অঞ্চলৰ পৰা দীৰ্ঘদিন ধৰি চলি থকা কয়লাৰ ক'লা ব্যৱসায়ৰ পম খেদি অবৈধ ভাৱে কয়লা কঢ়িয়াই অনা শতাধিক কয়লা ভৰ্তি ট্ৰাক তেওঁলোকে আৱদ্ধ কৰি ৰাখে । অৱশ্যে লগে লগে ঘটনাস্থলীত উপস্থিত হয় মাকুম আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল । উক্ত স্থানত মাকুম থানাৰ আৰক্ষী উপস্থিত হোৱাৰ পাছতেই প্ৰাক্তন আলফাৰ সদস্য আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড বাক বিতণ্ডাৰ সৃষ্টি হয় (Conflict between former ULFA leader and police)।

যুৱকসকলৰ এই কাৰ্যক বেআইনী বুলি ঘোষণা কৰি আৰক্ষীয়ে যুৱকসকলক আটক কৰাৰ চেষ্টা কৰে । সেই সময়তে দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় । কিছু সময় ধৰি দুয়োপক্ষৰ মাজত বাক-বিতণ্ডা চলাৰ পাছত আৰক্ষীয়ে যুৱকসকলক বলপূৰ্বক ভাৱে আটক কৰি থানালৈ লৈ যায় । অৱশ্যে পৰৱৰ্তী সময়ত এনে কাৰ্য নকৰিবলৈ সকীয়নি প্ৰদান কৰি আৰক্ষীয়ে যুৱককেইজনক মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে । ইফালে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তও আৰম্ভ কৰিছে । কিন্তু ইয়াৰ মাজতে আৰক্ষীয়ে কয়লা মাফিয়াক ৰক্ষণাৱেক্ষণ দিয়াৰ অভিযোগ উঠিছে ।

লগতে পঢ়ক :Theft in Tinsukia : তিনিচুকীয়া আৰক্ষীৰ শক্তি উদঙাই ওৰে নিশা চোৰৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.