কাকপথাৰত বালি মহলদাৰক নিৰ্মম প্ৰহাৰ ডিএফঅ'ৰ

author img

By

Published : Sep 3, 2021, 4:32 PM IST

Allegation against Doomdooma DFO

তিনিচুকীয়াৰ জিলাৰ ডুমডুমা বন সংমণ্ডলৰ ডি এফ অ' ৰাজেন্দ্ৰ সিং ভাৰতীৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ । দুগৰাকী বালি মহলদাৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে বন বিষয়াগৰাকীৰ বিৰুদ্ধে । বাবুল ধান আৰু বিছু তাঁতি নামৰ মহলদাৰ দুজনে তুলিছে এই অভিযোগ ।

শদিয়া, ৩ ছেপ্টেম্বৰ: তিনিচুকীয়াৰ কাকপথাৰ ৫নং কুমচাঙত বন বিষয়াৰ গুণ্ডাগিৰি । দুগৰাকী বালি মহলদাৰক প্ৰহাৰ কৰিলে ডুমডুমা বন সংমণ্ডলৰ ডি এফ অ' ৰাজেন্দ্ৰ সিং ভাৰতীয়ে । বালি মহলদাৰ বাবুল ধান আৰু বিছু তাঁতিৰ অভিযোগ অনুসৰি, ডুমডুমা বন সংমণ্ডলৰ ডি এফ অ' ৰাজেন্দ্ৰ সিং ভাৰতীয়ে বুধবাৰে হঠাতে বালিঘাটত উপস্থিত হৈ দুয়োকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে । বাবুল ধান আৰু বিছু তাঁতি নামৰ যুৱক দুজনে বিগত কেইবাবছৰো ধৰি উক্ত স্থানৰ পৰা বালি নি ব্যৱসায় চলাই আহিছিল ৷

বিছু তাঁতি নামৰ যুৱকজনে নদীৰ এটা বালি ঘাট চলাই থকাৰ সমান্তৰালকৈ বাবুল ধান নামৰ যুৱকজনে উক্ত নদীখনৰে কাকপথাৰ বন কাৰ্যালয়ৰ অধীনৰ এটা ঘাট চলাই আহিছিল ৷ বুধবাৰে হঠাতে উক্ত বালিঘাটটোত ডুমডুমাৰ ডি এফ অ'গৰাকী উপস্থিত হৈ বাবুল ধান নামৰ মহলদাৰগৰাকীৰ পেণ্টৰ বেল্ট খুলি বাবুল আৰু বিছুক নিৰ্মমভাৱে প্ৰহাৰ কৰে । ইয়াৰ উপৰিও মহলদাৰ দুজনৰ লগতে এজন প্ৰত্যক্ষদৰ্শীৰো মোবাইল ফোন বন বিষয়াগৰাকীয়ে কাঢ়ি লয় ৷ সেই স্থানৰ পৰা মুঠ চাৰিখন গাড়ী বন বিষয়াগৰাকীয়ে জব্দ কৰে ।

কাকপথাৰত বালি মহলদাৰক নিৰ্মম প্ৰহাৰ ডিএফঅ'ৰ

পিছত তিনিখন ট্ৰাক মুকলি কৰি দিয়ে যদিও এখন ট্ৰাক বৰ্তমানেও জব্দ কৰি ৰাখিছে ডুমডুমা বন সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীয়ে ৷ এতিয়া ডিএফঅ'গৰাকীয়ে বালি মহলদাৰক বেল্টেৰে মাৰপিট কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ তিনিচুকীয়া জিলাত ৷ যদি বালি মহলদাৰ কেইজনে ভুল কৰিছিল তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰি জৰিমনা বিহিব লাগিছিল অথবা মহলদাৰ কেইজনক আটক কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ।

ইয়াৰ পৰিৱৰ্তে বন বিষয়াগৰাকীয়ে আইন হাতত তুলি লোৱাৰ দৰে কাণ্ড সংঘটিত কৰিলে । উল্লেখ্য যে লকডাউন, বৰষুণৰ বাবে বহুদিন বালি সৰবৰাহ বন্ধ হৈ আছিল । কিন্তু বালি নিয়াৰ বাবে বুধবাৰে যো-জা চলোৱাৰ সময়তে এনে ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে বালি মহলদাৰ বাবুল ধান আৰু বিছু তাঁতিয়ে ৷ বালি নিয়াৰ পূৰ্বে তেওঁলোকে বন বিভাগক মৌখিকভাৱে অৱগত কৰিছিল বুলি বাবুল ধানে জনাইছে ।

লগতে পঢ়ক:সোণাৰিত ৰাষ্ট্ৰীয় পোষণ মাহ 2021ৰ শুভাৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.