আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত শদিয়াত AJYCPৰ প্ৰতিবাদ

author img

By

Published : Aug 29, 2021, 12:58 PM IST

AJYCP protest

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত অসমত বিভিন্ন সময়ত দল-সংগঠনসমূহে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । বৰ্তমান সময়ত চুবুৰীয়া ৰাজ্যসমূহৰ অসমৰ ভূমিত আগ্ৰাসন চলি থকাৰ মাজতে পুনৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

শদিয়া, ২৯ আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তত সীমা বিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ আন্তঃৰাজ্যিক পাৰপত্ৰ (Inner Line Permit) প্ৰদানৰ দাবীত তিনিচুকীয়া জিলাৰ শদিয়াত উত্তাল প্ৰতিবাদ । শনিবাৰে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ শান্তিপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP) । অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত সংগঠনটোৱে এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

AJYCP
আন্ত ৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত শদিয়াত AJYCPৰ প্ৰতিবাদ

সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত শদিয়া, বৰডুবি, ডাঙৰী ছৈখোৱা, মাকুম আঞ্চলিক সমিতিৰ সহযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় । শদিয়া আৰক্ষী তথা প্ৰশাসনৰ তীব্ৰ বাধাৰ মাজতো সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কন গগৈ , যুটীয়া সম্পাদক সুৰজিৎ মৰাণো উপস্থিত থাকে এই প্ৰতিবাদত ।

সংগঠনটোৰ নেতাসকলে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদান কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনায় ৷ এই প্ৰতিবাদী কাৰ্যসূচীত জিলা সমিতিৰ লগতে কেইবাখনো আঞ্চলিক সমিতিৰ প্ৰায় দুই শতাধিক সদস্যই অংশগ্ৰহণ কৰে ৷

AJYCP
আন্ত ৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত শদিয়াত AJYCPৰ প্ৰতিবাদ

উল্লেখ্য যে, আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত প্ৰতিবাদ এইটোৱেই প্ৰথম নহয় । অসমত ইয়াৰ পূৰ্বে বহু দল-সংগঠনে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । অবৈধ প্ৰব্ৰজনকাৰী আৰু অনুপ্ৰৱেশকাৰীৰ আগমনে খিলঞ্জীয়াক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে ।

সেয়ে খিলঞ্জীয়াক ৰক্ষা কৰিবলৈ আন্তঃৰাজ্যিক পাৰপত্ৰ একমাত্ৰ আহিলা বুলি দাবী উত্থাপন কৰে যুৱ ছাত্ৰ পৰিষদে । ইফালে প্ৰতিবাদকাৰীসকলক প্ৰশাসনে বাধা দিয়াত ক্ষোভিত হৈ পৰে সংগঠনটোৰ নেতা-কৰ্মীসকল । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হুংকাৰ যদি এইবাৰ চৰকাৰে আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ভৱিষ্যতে ইয়াতকৈও ভয়াৱহ আন্দোলন গঢ়ি তুলিব সংগঠনটোৱে ।

লগতে পঢ়ক :আৰক্ষীৰ গুলীত থকা-সৰকা ডকাইতৰ দল, নিহত দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.