7 বজাৰ শীৰ্ষ 10 বাতৰি...

author img

By

Published : Nov 5, 2021, 7:01 PM IST

7 বজাৰ শীৰ্ষ 10 বাতৰি

7 বজাৰ শীৰ্ষ 10 বাতৰি...

Subrata Mukherjee ৰ মৃত্যু : খহি পৰিল বংগৰ ৰাজনীতিৰ এটা শক্তিশালী স্তম্ভ

বৃহস্পতিবাৰে নিশা 9.22 বজাত বংগৰ ৰাজনীতিৰ অন্যতম জনপ্ৰিয় নেতা সুব্ৰত মুখাৰ্জীৰ পৰলোকপ্ৰাপ্তি ঘটে । শেহতীয়াভাৱে পশ্চিম বংগ চৰকাৰৰ পঞ্চায়ত মন্ত্ৰী হৈ আছিল সুব্ৰত মুখাৰ্জী ৷

দিল্লী-মিৰাট এক্সপ্ৰেছৱেত দুই ডজনৰো অধিক বাহনৰ মাজত সংঘৰ্ষ

ঘন কুঁৱলী আৰু কম পোহৰৰ ফলত দিল্লী-মিৰাট এক্সপ্ৰেছৱেৰ ওচৰত দুই ডজনৰো অধিক বাহন দুৰ্ঘটনাত পতিত হৈছে ৷ এই সংঘৰ্ষত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় ৷

দীঘলীপুখুৰীৰ পাৰত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি আছুৰ

সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ আজি দশম সংখ্যক মৃত্যু তিথি । প্ৰত্যেক বছৰৰ দৰে আছুৰ উদ্যোগত মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৷

Damon Galgut লৈ 2021 বৰ্ষৰ বুকাৰ বঁটা

দক্ষিণ আফ্ৰিকাৰ লেখক ডেমন গালগুটে তেওঁৰ উপন্যাস ‘দ্য প্ৰমিজ’ৰ বাবে লাভ কৰিছে 2021 বৰ্ষৰ বুকাৰ বঁটা ৷ উপন্যাসখন দক্ষিণ আফ্ৰিকাৰ এটা স্বেতাংগ কৃষক পৰিয়ালৰ কহিনীৰ আধাৰত লিখা হৈছে ৷

গ্ৰাহকে বিচাৰিলে সেউজ ফটকা; ব্যৱসায়ীয়ে সুধিলে কি সেউজ ফটকা ?

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ নীতি নিৰ্দেশনা উলংঘা কৰি মহানগৰীত নিশা ১২ বজালৈ ফুটিল উচ্চ প্ৰাবল্যৰ ফটকা ৷ সেউজ ফটকা বিচাৰি গ্ৰাহক আহিল যদিও বজাৰত নাই সেউজ ফটকা ৷

ডিব্ৰুগড়ৰ বকপৰাত কালী পূজাৰ মাজতে লাগিল তয়াময়া যুঁজ

কুকুৰা যুঁজ অসমৰ এক পৰম্পৰাগত খেল ৷ বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত এই খেলবিধৰ প্ৰচলন আছে ৷ কালীপূজা উপলক্ষে ডিব্ৰুগড়ৰ বকপৰাত আনুষ্ঠিত কৰা হৈছে পৰম্পৰাগত এইবিধ খেলৰ । এইবাৰ যুঁজত নমাইছে প্ৰায় শতাধিক কুকুৰা । সমাবেশ ঘটিছে পোন্ধৰ সহস্ৰাধিক লোকৰ । সকলো ব্যস্ত কুকুৰা যুঁজ চোৱাত ৷

কামাখ্যাত আৱৰ্জনা নিষ্কাশন প্ৰকল্প মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

কামাখ্যা দেৱালয় পৰিচালনা কমিটীৰ কামাখ্যা মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে আৱৰ্জনা নিষ্কাশন প্ৰকল্প । এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটো শুকুৰবাৰে মুকলি কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই । দুই-তিনি মাহৰ ভিতৰত শুভ উদ্বোধন হ’ব কামাখ্যাৰ নৱ নিৰ্মিত বিকল্প পথ ।


ক’লৈ গ’ল দুটাকৈ সন্তানৰ মাতৃ মঞ্জু গয়াৰী ?

ৰাজ্যত সঘনাই নিখোজ হৈছে বিবাহিত মহিলা ৷ শেহতীয়াকৈ পুনৰ নিখোজ হৈছে ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ এগৰাকী দুটাকৈ সন্তানৰ মাতৃ ৷

পৌৰ সভা নিৰ্বাচনৰ পূৰ্বে বিজেপি-চিপিআই(এম)ৰ মাজত পুনৰ সংঘাত

পুনৰ আৰম্ভ হৈছে বিজেপি আৰু চিপিআই(এম)ৰ সংঘাত । ত্ৰিপুৰাৰ পৌৰ সভা নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত দুয়োটা দলৰ সংঘাতে ব্যাপক চৰ্চা লাভ কৰিছে ৰাজ্যখনত । চিপিআই(এম)ৰ কৰ্মীক আক্ৰমণৰ অভিযোগ তুলি বিজেপিৰ বিৰুদ্ধে স্মাৰক পত্ৰ প্ৰদান কৰিছে নিৰ্বাচন আয়োগক ।


দীপাৱলীৰ মাজতে নগাঁৱত বিধ্বংসী অগ্নিকাণ্ড

বৃহস্পতিবাৰে মাজনিশা নগাঁৱৰ হয়বৰ গাঁৱৰ এখন কাপোৰৰ দোকানত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এই অগ্নিকাণ্ডৰ ফলত কাপোৰসহ কেইবালক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.