বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ

author img

By

Published : Dec 24, 2021, 5:27 PM IST

বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ

বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ

ক্ৰিকেটৰ পৰা অৱসৰ হৰভজন সিঙৰ

ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে হৰভজন সিঙে ৷ ভাৰতৰ কিংবদন্তী স্পিনাৰগৰাকীয়ে টুইটৰ জৰিয়তে ঘোষণা কৰে অৱসৰৰ কথা ৷

Omicron cases in India: সকলোকে সতৰ্ক আৰু সাৱধান হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

দেশত অ'মিক্ৰণৰ ঘটনা ৩৮৫ লৈ বৃদ্ধি (Omicron infections have increased in India)। ক'ভিড পৰিস্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক কেন্দ্ৰীয় চৰকাৰৰ । বৈঠকত ক'ভিড ব্যৱস্থাপনা সম্পৰ্কে পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ । প্ৰতিখন ৰাজ্যক অ'মিক্ৰণৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ ।

Akhil Gogoi stages protest in assembly : বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ

বিধানসভা চৌহদত 'এক লাখ চাকৰি কেতিয়া, ক'ত' আৰু '২৬ লাখ নিবনুৱাৰ সংস্থাপন লাগে' লিখা বিশেষ টি-ছাৰ্ট পিন্ধি শিৱসাগৰৰ বিধায়কগৰাকীৰ প্ৰতিবাদ (Akhil Gogoi protests in assembly) । আগন্তুক বৰ্ষৰ মে' মাহৰ ভিতৰত কথা মতে এক লাখ চাকৰি দিয়াৰ বাবে দাবী । হিমন্ত বিশ্ব শৰ্মাই চাৰ্টাৰ্ড ফ্লাইটত ঘূৰিলে নহ’ব । এক লাখ নিবনুৱাক সংস্থাপন নিদিলে শান্তিত থাকিব দিয়া নহ’ব চৰকাৰক ।

মাজুলীত যুৱ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভানেত্ৰী অংকিতা দত্ত

যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মাজুলীত উপস্থিত হয় অংকিতা দত্ত ৷ তেওঁ জৱ মেলা নামত অসমীয়া যুৱক-যুৱতীক চৰকাৰে বঞ্চনা কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক ক্ষমা খোজাৰ দাবী জনায় ৷

Om Birla in Guwahati: বিধানসভাত ভাষণ দিলে লোকসভাৰ অধ্যক্ষই: মুকলি কৰিলে বিধানসভা টিভি

গুৱাহাটীত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা (Lok Sabha Speaker Om Birla in Guwahati)। অসম বিধানসভাত পোন প্ৰথমবাৰৰ বাবে ভাষণ দিয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । বিধানসভা টিভি" নামেৰে এটা ডিজিটেল চেনেল মুকলি কৰে লোকসভাৰ অধ্যক্ষ গৰাকীয়ে ।

Human elephant conflict in Tripura: ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ভুক্তভোগী ৰাইজৰ

ত্ৰিপুৰাত হস্তী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Human elephant conflict taken serious turn in Tripura)। প্ৰায়ে বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি, খেতিপথাৰ নষ্ট কৰা দেখা যায় । কিন্তু এই ক্ষেত্ৰত স্থানীয় লোকসকলৰ সুৰক্ষা প্ৰদানৰ কোনো ব্যৱস্থা নাই বন বিভাগ তথা চৰকাৰৰ । যাৰ বাবে বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে লোকসকলে । ৰাইজৰ এই সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী প্ৰতিবাদকাৰী ৰাইজৰ ।

Allegation of Sexual Harasment : মাজুলীত সংঘটিত হয় লজ্জাজনক ঘটনা

কোন দিশে গৈছে আজিৰ সামাজিক ব্যৱস্থা ? ক’ৰবাত যদি দিন দুপৰতে নীৰিহ যুৱকক এজাক উন্মাদ জনতাই মৰিয়াই মৰিয়াই হত্যা কৰিছে, ক’ৰবাত আকৌ হাতোঁৰাত বন্দী হৈ উন্মাদ হৈছে এজাক মানুহ, আকৌ ক’ৰবাত শালিনতা হানি হৈছে জীয়ৰী-বোৱাৰীৰ ৷ এইবাৰ মানৱ সমাজক লজ্জিত কৰা এনে এক ঘটনাই পুনৰ সংঘটিত হ’ল মাজুলী গড়মূৰ জিলা অসামৰিক চিকিৎসালয়ত ৷

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীক সন্দেহজনক নাগৰিক সজালে গোলাঘাট আৰক্ষীয়ে

ৰাষ্ট্ৰীয় দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা ব্যক্তিও সন্দেহজনক নাগৰিক হ'ব পাৰে এইখন অসমত । এনে এক ঘটনা পোহৰলৈ আহিছে গোলাঘাটৰ বোকাখাতত(Election candidate declared as suspected citizen in Golaghat) । পাণবাৰীৰ বাসিন্দা প্ৰণৱ দলেক সন্দেহজনক নাগৰিক সজালে গোলাঘাট আৰক্ষীয়ে ।

Food Civil Supply Department Operation : চিৰাঙত খাদ্য অসামৰিক যোগান বিভাগৰ অভিযান

এইবাৰ চিৰাঙত চলিল খাদ্য-অসামৰিক যোগান বিভাগৰ অভিযান(Food Civil Supply Department Operation at Chirang) ৷ বৃহস্পতিবাৰে খাদ্য-অসামৰিক যোগান বিভাগৰ তৰফৰ পৰা জোখ-মাখ বিভাগে চিৰাঙৰ বিজনী বজাৰৰ বিভিন্ন দোকানসমূহত অভিযান চলায়(Legal Meterology Department operation at Chirang) ৷

Drugs Burnt in Karimganj : আৰক্ষীয়ে জ্বলাই নষ্ট কৰিলে ড্ৰাগছ-গাঞ্জা

কৰিমগঞ্জত আৰক্ষীয়ে জ্বলালে ড্ৰাগছসহ নিচাযুক্ত সামগ্ৰী (Police burnt drugs in Karimganj ) ৷ বিগত দুই তিনি বছৰ ধৰি কৰিমগঞ্জৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী শুকুৰবাৰে জ্বলাই দিয়া হয় (Drugs seized by Karimganj Police) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.