11 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Sep 27, 2022, 11:01 AM IST

top-10-at-11-am

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

আৰক্ষীৰ অভিযানত বৰপেটাত আটক বহু সংখ্যক PFI কৰ্মী

সমগ্ৰ দেশৰ লগতে অসমতো চলিছে PFI ৰ বিৰুদ্ধে অভিযান (Raids against PFI) ৷ নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল PFI সদস্যৰ সন্ধানত অভিযান (Popular Front of India) ৷ আৰক্ষীৰ অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক কেইবাজনো PFI কৰ্মী(NIA ED conduct raids against PFI) ৷

দলগাঁৱৰ পৰা আটক PFI ৰ দৰং জিলাৰ সভাপতি আনিছ আহমেদ

ৰাজ্যজুৰি PFI ৰ বিৰুদ্ধে অভিযান (Raids against PFI) ৷ নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল PFI সদস্যৰ সন্ধান ৷ দৰং, বৰপেটা আদি বিভিন্ন জিলাৰ পৰা আটক বহু সংখ্যক PFI সদস্য ৷

দিল্লীত ধৰ্ষিত এয়াৰ হ’ষ্টেছ, অভিযুক্তক গ্ৰেপ্তাৰ

সোমবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি, দক্ষিণ দিল্লীৰ মেহৰাউলী অঞ্চলত এগৰাকী এয়াৰ হ’ষ্টেছৰ ঘৰত পৰিচিত এজন লোকে ধৰ্ষণ কৰাৰ অভিযোগ পোৱা গৈছে (Air hostess allegedly raped)। অভিযোগ অনুসৰি অভিযুক্ত হৰজিৎ যাদৱে যোৱা ডেৰমাহ ধৰি মদ্যপান কৰি তেওঁৰ ঘৰলৈ আহি ধৰ্ষণ কৰি আহিছিল ৷

Kulgam encounter: কুলগামত পাকিস্তানৰ JeM সন্ত্ৰাসবাদী নিহত

দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ (Kulgam encounter)। এই সংঘৰ্ষত এটা JeM সন্ত্ৰাসবাদী নিহত । এজন বিষয়া আৰু দুজন সাধাৰণ নাগৰিকো আঘাতপ্ৰাপ্ত ।

ঘৰৰ মালিকৰ পত্নী-কন্যাক ধৰ্ষণ কৰাৰ লগতে দুবছৰ ধৰি ব্লেকমেইল

বদোদৰাৰ আৰক্ষী অধীক্ষক এ ভি ৰাজগৰে এক সংবাদমেলত উল্লেখ কৰা অনুসৰি, ধৃত অভিযুক্ত দুটাই প্ৰায় দুবছৰ ধৰি এগৰাকী মহিলা আৰু তেওঁৰ নাবালিকা কন্যাক ধৰ্ষণ কৰি আহিছিল (Two arrested accused raped woman) ।

বিহালীত অবৈধ অৰুণাচলী সুৰাসহ এজনক আটক

বিশ্বনাথৰ বিভিন্ন স্থানত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ বেহা (Illegal Arunachal liquor trade continues)। অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান (Strict action against illegal sale of liquor) । সোমবাৰে বিহালী সমষ্টিৰ বৰগাং আৰক্ষীয়ে জব্দ কৰে কাৰ্টনে কাৰ্টনে অৰুণাচলী সুৰা (Illegal liquor seized at Bihali)।

মোৰ বিপক্ষে হাজাৰবাৰ যাওক, নিবনুৱা ল’ৰা বিপক্ষে যাব নালাগে: মুখ্যমন্ত্ৰী

তিনিদিনীয়াকৈ কাজিৰঙাত অনুষ্ঠিত চিন্তন বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ চিন্তন বৈঠকত(Chintan Shivir at Kaziranga) কি কি আলোচনা কৰা হ’ল তাৰ সবিশেষ সংবাদ মাধ্যমৰ সন্মুখত ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সদগুৰুৱে(Sadhguru Jagadish Vasudev) নিশা কাজিৰঙা ভ্ৰমণ কৰাৰ পাচতে সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভতো মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma Kazriranga visit) ৷

এটাৰ পাচত আন এটা হত্যাকাণ্ড নগাঁৱত : উদ্বিগ্ন নগঞা

পুনৰ আন এক নৃশংস হত্যাকাণ্ড নগাঁও চহৰত (Murder in Nagaon) । ঘৰৰ ভিতৰতে ডিঙি কাটি হত্যা ব্যৱসায়ীৰ পত্নীক । আৰক্ষীৰ জালত হত্যাৰ অভিযুক্ত । ডেৰ মাহত চহৰখনত সংঘটিত তিনিটাকৈ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ নগাঁও চহৰ । নগাঁৱৰ আইন শৃংখলাক লৈ উত্থাপন হৈছে প্ৰশ্ন (Law and order situation deteriorated in Nagaon) । নাগৰিকৰ নিৰাপত্তাত ব্যৰ্থ নগাঁও আৰক্ষী !

কোকৰাঝাৰত এদিনতে মুকলি ১২ টা অঙ্গনাবাড়ী কেন্দ্ৰ

সোমাবাৰে কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তত মুকলি কৰা হয় কেইবাটাও অঙ্গনাবাড়ী কেন্দ্ৰ । একেদিনাই জিলাখনৰ বিভিন্ন প্ৰান্তত কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে মুকলি কৰে অঙ্গনাবাড়ী কেন্দ্ৰকোইটা(MLA Lawrence Islari inaugurates Anganwadi centre) ।

অৰুণাচল লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পন

অৰুণাচল লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পন কৰিব মুখ্যমন্ত্ৰীয়ে ( CBI to investigate scam in APPSC exam) ৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (CM Pema Khandu) কয় যে, আৰক্ষীয়ে তদন্ত কৰি পাঁচজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে (CM approaches CBI to investigate APPSC exam scam) ৷ এখন উচ্চ স্তৰীয় কমিটীও গঠন কৰা হৈছে ৷ দুসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব এই কমিটীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.