1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 28, 2022, 1:00 PM IST

top-10-at-1-pm

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

প্ৰশাসনে ছীল কৰিলে কৰিমগঞ্জৰ PFI কাৰ্যালয়

PFI ৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত (PFI leaders arrested in Karimganj) ৷ মঙলবাৰে নিশা কৰিমগঞ্জত PFI ৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই অভিযান ৷ অভিযানকালত আটক কৰিবলৈ সক্ষম হয় দুই PFI নেতাক ৷ বদৰপুৰৰ লামাজুৱাৰ গাঁৱৰ বজলুল কৰিম আৰু কৰিমগঞ্জৰ বিস্কুট গাঁৱৰ আবু ছালেহক আটক কৰিবলৈ সক্ষম হয় বদৰপুৰ আৰক্ষীয়ে ৷ সেই মৰ্মে আজি বদৰপুৰ আৰক্ষীয়ে ছীল কৰে ভাংগাত থকা PFI কাৰ্যালয়টো ৷

Lata Mangeshkar birth anniversary: ভাৰতৰ নাইটিংগেলৰ চিৰসেউজ গীতসমূহ

লতা মংগেশকাৰৰ আজি 93 সংখ্যক জন্ম জয়ন্তী ৷ সমগ্ৰ দেশে আজি শ্ৰদ্ধাৰে সুঁৱৰিছে মহান শিল্পী গৰকীক (Lata Mangeshkar birth anniversary) ৷ জন্ম জয়ন্তী বিশেষ দিনটোত লতাজীৰ দীৰ্ঘদিনীয়া সুন্দৰ কেৰিয়াৰৰ সময়ছোৱাৰ তেওঁৰ আইকনিক গীত সমূহৰ দীঘলীয়া তালিকা খনৰ পৰা কিছুমান শ্ৰেষ্ঠ হিট গীত আজি আমি ৰোমন্থন কৰি আপোনালোকলৈ আগবঢ়াইছো-

Centre bans PFI: PFI ক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ

"পিএফআই আৰু ইয়াৰ সহযোগী মৰ্চাসমূহে এটা আৰ্থ-সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিক সংগঠন হিচাপে মুকলিকৈ কাম কৰি আহিছিল (Centre bans PFI for 5 years) ৷ কিন্তু, তেওঁলোকে দেশৰ গণতন্ত্ৰৰ ধাৰণাটোক ভেঙুচালি কৰাৰ দিশত কাম কৰাৰ লগতে সমাজৰ এটা বিশেষ শ্ৰেণীক উগ্ৰপন্থী সজাবলৈ আৰু দেশৰ সাংবিধানিক কৰ্তৃত্ব আৰু গঠনৰ প্ৰতি সম্পূৰ্ণ অসন্মান প্ৰদৰ্শন কৰিবলৈ এক গোপন কাৰ্যসূচীক অনুসৰণ কৰি আহিছে,” চৰকাৰী অধিসূচনাখনত এইদৰে উল্লেখ কৰা হৈছে ।

চেলা পাছৰ সুৰংগৰ ৮০ শতাংশ সম্পূৰ্ণ, 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য

চেলা পাছৰ সুৰংগৰ ৮০% কাম সম্পূৰ্ণ (Sela Tunnel of Arunachal Pradesh) । দ্ৰুতগতিত চলি আছে নিৰ্মাণকাৰ্য । 2023 চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য । অৰুণাচল প্ৰদেশৰ টাৱাঙলৈ সকলো বতৰতে সংযোগ কৰা সাগৰ পৃষ্ঠাৰ পৰা 13,000 ফুটৰ ওপৰৰ উচ্চতাত পৃথিৱীৰ আটাইতকৈ দীঘল দ্বৈত-লেন পথৰ সুৰংগ । উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব এই সুৰংগই ।

কেঁচা চাহপাতৰ মূল্য হ্ৰাস : টিংখাঙত সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ

সেউজীয়া সোণৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল । কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰিছে টিংখাঙৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক । চৰম ভাবুকি কঢ়িয়াই আনিছে চাহ খেতিয়কসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি (crisis of small tea growers in Assam) ।

AMCH ৰ সহযোগী অধ্যাপক ডাঃ উৎপল দত্তৰ আত্মহত্যা

AMCHত অঘটন ৷ AMCHৰ সহযোগী অধ্যাপক ডাঃ উৎপল দত্তৰ আত্মহত্যা (AMCH Professor committed suicide) ৷ এনাস্থেছিয়া বিভাগৰ সহযোগী আছিল অধ্যাপক ডাঃ উৎপল দত্ত ৷

লখিমপুৰত কংগ্রেছক কটাক্ষ মন্ত্রী পীযুষ হাজৰিকাৰ

কংগ্ৰেছে কয় ভাৰত জোড়ো আৰু ৰাইজে কয় ভাৰত ছোড়ো । কংগ্ৰেছ দলক তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ (Minister Pijush Hazarika slams congress)। নদী বান্ধক বিৰোধিতা কৰা কংগ্ৰেছে পূৰ্বে সমৰ্থন কৰিছিল বুলিও অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে ।

উত্তৰ প্ৰদেশ চৰকাৰৰ মাদ্ৰাছা প্ৰীতি !

এতিয়াৰে মাদ্ৰাছাসমূহ ৩ বজালৈ খোলা থাকিব (Madrasa new time table)। পূৰ্বতকৈ শৈক্ষিক সময়সূচী ১ ঘণ্টা বৃদ্ধি কৰা হৈছে । পুৱা ৯ বজাত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হ'ব ।

অসমত বিগত দুবছৰত বাল্যবিবাহৰ হাৰ বৃদ্ধি

অসমৰ বাবে এক উদ্বেগজনক খবৰ । ৰাজ্যত এতিয়াও অব্যাহত আছে বাল্যবিবাহ (Child marriage in Assam)। উত্তৰ-পূৱৰ ভিতৰত অসমত বিগত ২ বছৰত বৃদ্ধি পাইছে বাল্যবিবাহৰ হাৰ । ৰাইজৰ মাজত এতিয়াও সজাগতাৰ অভাৱ ।

ভাৰতত কৰোণাত আক্ৰান্তৰ সংখ্য়া হ্ৰাস পাইছে

ভাৰতত নতুনকৈ কৰোনা ভাইৰাছত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্য়া ৪০,৯৭৯ লৈ হ্ৰাস পাইছে । এই তথ্য় সদৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Union Health Ministry)। তথ্য অনুসৰি মৃত্যুৰ সংখ্যা ৫,২৮,৫৮৪ লৈ বৃদ্ধি পাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.