1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 27, 2022, 1:00 PM IST

Updated : Mar 27, 2022, 5:27 PM IST

TOP 10 @ 1 PM

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

পত্নীৰ কটা মূৰ হাতত লৈ থানাত উপস্থিত স্বামী

হাতত চিন্ন মস্তক লৈ থানাত এজন মানুহ, তেজেৰে লুতুৰি পুতুৰি শৰীৰ ৷ দুচকু জ্বলি আছে ৰঙা অঙঠাৰ দৰে ৷ এনে দৃশ্য কল্পনা কৰি আপুনিও হয়তো শংকিত হৈ পৰিব ৷ কিন্তু কাল্পনিক নহয়, বাস্তৱত সংঘটিত হৈছে তেনে ঘটনা ৷ হাতত পত্নীৰ কটা মূৰ লৈ শনিবাৰে নিশা লীলাবাৰী থানাত উপস্থিত হ’ল এজন লোক (man reached the police station with his wife's cutting head)৷ লোকজনৰ নাম মইনুল আলী ৷

IPL 2022 : অভিষেক মেচত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে জয়লাভ কলকাতা নাইট ৰাইডাৰ্চৰ

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত হয় আইপিএল (IPL 2022)ৰ অভিষেক মেচ ৷ কলকাতা নাইট ৰাইডাৰ্ছ(KKR) আৰু চেন্নাই চুপাৰ কিংছ(CSK) ৰ মাজত অনুষ্ঠিত হোৱা এই খেল খনত পৰাজয়ৰ সন্মুখীন হয় চেন্নাই চুপাৰ কিংছ (CSK lose first match in IPL 2022) ৷

ডাবল ইঞ্জিন চৰকাৰে নিচাত ডুবাইছে ত্ৰিপুৰাক : সুবল ভৌমিক

ডাবল ইঞ্জিন চৰকাৰে ত্ৰিপুৰাক ড্ৰাগছ সৰবৰাহৰ মূল কেন্দ্ৰত পৰিণত কৰিছে (BJP allegedly turns Tripura into a hotbed of drugs) ৷ ত্ৰিপুৰাৰ একাংশ মন্ত্ৰী-বিধায়কো এই অবৈধ জড়িত হৈ আছে ড্ৰাগছ সৰবৰাহত ৷ এই অভিযোগ ত্ৰিপুৰা তৃণমূল কংগ্ৰেছৰ আহ্বায়ক সুবল ভৌমিকৰ ৷ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী ৷

হোজাইত কোটি টকাৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

শনিবাৰৰ দিনটোত হোজাই আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় 760 গ্ৰাম ড্ৰাগছ (Drugs seized in Hojai) ৷ আব্দুল চালাম(34) আৰু ইজাজুল হক(18) নামৰ দুজন লোকে এই ড্ৰাগছখিনি অৱধ আচাম এক্সপ্ৰেছেৰে ডিমাপুৰৰ পৰা হোজাইলৈ আনি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ জিলাখনৰ টেলিবস্তি এলেকাৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ বজাৰমূল্য আনুমানিক 3-4 কোটি টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

দিছপুৰে দিয়া নাই চাৰি কোটি: চৰম বিত্তীয় সংকটত আলফা

চৰকাৰৰ পৰা পাবলগীয়া ধন নাপাই মানসিকভাৱে ভাঙি পৰিছে বহু আলফা কেডাৰ ৷ বাধাগ্ৰস্ত হৈছে পৰিয়াল পোহপাল দিয়া, সন্তানক পঢ়ুওৱাৰ ক্ষেত্ৰত (ULFA suffers financial crisis)৷ ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এনেদৰে ক’লে আলফা নেতা অনুপ চেতিয়াই ৷

নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণত নিহত তিনি

উমৰাংছুস্থিত নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণ (Water explosion at Neepco Hydro Power Plant) ৷ জলবিদ্যুৎ প্ৰকল্পত হোৱা এই জল বিস্ফোৰণত ইতিমধ্যে তিনি গৰাকী কৰ্মচাৰীৰ মৃত্যুৰ বাতৰি আহিছে ।

দুবছৰৰ পিছত পুনৰ মুকলি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ

মাৰ্ঘেৰিটাবাসীৰ বাবে সুখবৰ ৷ প্ৰায় দুবছৰৰ পিছত পুনৰ মুকলি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কয়লাক্ষেত্ৰখন মুকলি (North East coal field reopened after two years) কৰে কেন্দ্ৰীয় কয়লা তথা খনি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷

নিযুক্তিৰ বিজ্ঞাপনৰ আবেদন মাচুল প্ৰত্যাহাৰৰ দাবী দল-সংগঠনৰ

অসম চৰকাৰে পদ পূৰণৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতে প-পত্ৰ পূৰণৰ মাছুল বিনামূলীয়া কৰা তথা পৰীক্ষা সম্বন্ধীয় কেতবোৰ উল্লেখনীয় তথ্য যোগান ধৰিবলৈ অনুৰোধ জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

GMC election 2020: সাত বিহুৰ পিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন বিচাৰিলে অগপই

দুটাকৈ ৰাষ্ট্ৰীয় দলে বিহুক কেন্দ্ৰ কৰি নিৰ্বাচন পিছুৱাই দিয়াৰ দাবী জনোৱাৰ পাছত সাৰ পালে আঞ্চলিক দল অগপই । দলৰ সাধাৰণ সম্পাদকদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু মনোজ শইকীয়াই আজি সাত বিহুৰ পাছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ আহ্বান জনাই ৰাজ্যিক নিৰ্বাচনী আয়োগক দিলে পত্র (AGP appeals EC to postpone GMC election)।

The Kashmir Files: গুৱাহাটী বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিলৰ দাবী

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীক দ্য কাশ্মীৰ ফাইলচ চাবলৈ অর্ধছুটী দিয়া সিদ্ধান্তক (GU grants leave for watching The Kashmir Files)হঠকাৰী আৰু হাস্যকৰ বুলি সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় গোটে মন্তব্য কৰিছে ৷ চৰকাৰৰ সুৰতে সুৰ মিলাবলৈ গৈ বিশ্ববিদ্যালয় কর্তৃপক্ষই শিক্ষানুষ্ঠানখনৰ স্বকীয়তা, স্বতন্ত্ৰতা আৰু চিন্তাৰ স্বাধীনতাক বিসর্জন দিয়া বুলিও অভিযোগ উত্থাপিত হৈছে ৷

Last Updated :Mar 27, 2022, 5:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.