মানকাচৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক

author img

By

Published : Feb 4, 2021, 1:36 PM IST

Updated : Feb 4, 2021, 1:48 PM IST

মানকাচৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক

বৃহস্পতিবাৰে পুৱতি নিশা মানকাচৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত দুজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হয় এজন লোক ৷

ধুবুৰী,4 ফেৱ্ৰুৱাৰী : মানকাচৰৰ সোনাপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাটোত থিতাতে দুগৰাকী লোক নিহত হোৱাৰ লগতে এজন লোক গুৰুতৰ ভাৱে আহত হয় ৷ জানিব পৰা মতে AS-17C-2319 নম্বৰৰ এখন কেঁচামাল ভৰ্তি টেম্পু গৈ থকাৰ সময়ত ৰাস্তাত ৰখাই থোৱা AS-01DC-0784 নম্বৰৰ এখন ডাম্পাৰ গাড়ীৰ পিছফালে খুন্দা লগাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷

মানকাচৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক

উল্লেখ্য যে,নিহত লোক দুজন মানকাচৰ থানা এলেকাৰ কাঠলবাৰী গাঁৱৰ ফুলোৱাৰ হুছেইন(৪৩),চাৰবাৰি গাৱঁৰ মনিৰুল ইছলাম(৩০) আৰু আহত লোকজন আজিবৰ ইছলাম(২৪)বুলি জনা গৈছে ৷

ইতিমধ্যে নিহত কেঁচামাল ব্যৱসায়ী লোক দুগৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা অব্যাহত ৰখাৰ বিপৰীতে গুৰুতৰ ভাৱে আহত ব্যক্তিজনক সম্প্ৰতি হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷ মানকাচৰৰ চাৰবাৰিৰ পৰা হাটশিঙিমাৰী অভিমুখে গৈ থকা অৱস্থাত অতিৰিক্ত ঘন কুঁৱলীৰ বাবেই টেম্পু চালকজনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷

মানকাচৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক
মানকাচৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক

ইপিনে ডাম্পাৰ গাড়ীখন দীৰ্ঘদিন ধৰি ৰাস্তাত ৰখাই থোৱাৰ অভিযোগ তুলি স্থানীয় ৰাইজে উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে যদিও আৰক্ষীয়ে ডাম্পাৰ খনৰ মালিকৰ বিৰুদ্ধে আইনগত বিহিত ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতেই ক্ৰমাৎ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

লগতে পঢ়ক: গোলাঘাটৰ বেবেজীয়াত ONGCৰ খাদত অগ্নিকাণ্ড

Last Updated :Feb 4, 2021, 1:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.