বিদ্যালয় পৰিচালনা সমিতি গঠনক লৈ দুৰ্নীতি মানকাচাৰত

author img

By

Published : Feb 16, 2021, 3:14 PM IST

বিদ্যালয় পৰিচালনা সমিতি গঠনকলৈ দুৰ্নীতি মানকাচাৰত

বিদ্যালয় পৰিচালনা সমিতি গঠনৰ নামত ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে শিক্ষা বিভাগৰ বিৰুদ্ধে । দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ এখন বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনৰ বিসংগতিৰ পিছতে এই তথ্য় পোহৰলৈ আহিছে ।

ধুবুৰী,১৬ ফেব্ৰুৱাৰী: শিক্ষা বিভাগত পুনৰ ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে । এইবাৰ বিদ্যালয় পৰিচালনা সমিতি গঠনৰ নামত ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে শিক্ষা বিভাগৰ বিৰুদ্ধে । দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ এখন বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনৰ বিসংগতিৰ পিছতে এই তথ্য় পোহৰলৈ আহিছে । শিক্ষা বিভাগৰ ক্লাষ্টাৰ ৰিচ'ৰ্ছ চেন্টাৰ সমন্বয়ক ( চি.আৰ.চি.চি) আগ ধন হিচাপে ধন দিলে পৰিচালনা সমিতিৰ ভিতৰত নাম সোমাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে জিলাখনৰ এজন ব্যক্তিয়ে ।

বিদ্যালয় পৰিচালনা সমিতি গঠনকলৈ দুৰ্নীতি মানকাচাৰত

উল্লেখ যে মানকাচাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত দৰুৱা খন্দকাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনৰ বাবে চি.আৰ.চি.চি ময়নাল হকে লৈছিল ৩০ হাজাৰ টকা দিছিল । অভিযোগ অনুসৰি এনেদৰে বিভিন্নজনৰ পৰা ধন লৈ মানকাচৰ শিক্ষাখণ্ড বিষয়া আনিছুৰ ৰহমানে চি.আৰ.চি.চিৰ জৰিয়তে এই দুৰ্নীতি চলাই গৈছে । কেৱল এয়াই নহয় চি.আৰ.চি.চি ময়নাল হকে প্ৰধান শিক্ষকৰ পৰা বিদ্যালয় পৰিচালনা সমিতি গঠন কৰাৰ ৰেজুলেচন বহী জমা লৈ নিজৰ ইচ্ছা মতে সমিতি গঠন কৰাৰ অভিযোগ ৰাইজৰ ৷ ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত শিক্ষা বিভাগৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তক লিখিল অভিযোগ দাখিল কৰিছে ভুক্তভোগীয়ে ৷ শিক্ষা বিভাগৰ এই দুৰ্নীতিৰ কথা পোহৰলৈ অহাৰ পিছতে এতিয়া বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠিছে ।

জিলাখনৰ শিক্ষা বিভাগত চলি থকা এই কেলেংকাৰীৰ বাবে তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাই । প্ৰশাসনক দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় আছু নেতাসকলে ।

লগতে পঢ়ক:কৰিমগঞ্জত আৰক্ষীয়ে বন্ধ কৰিলে গৰুৰ বজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.