দক্ষিণ শালমাৰা সমষ্টিত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Feb 9, 2021, 8:06 PM IST

পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি দক্ষিণ শালমাৰা সমষ্টিত !

দক্ষিণ শালমাৰা সমষ্টিত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে । স্থানীয় বিধায়ক, স্থানীয় ঠিকাদাৰ, উপ-ঠিকাদাৰ আৰু অভিযন্তাই মিলি আঁচনি ৰূপায়ণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

ধুবুৰী, ৯ ফেব্ৰুৱাৰী: দক্ষিণ শালমাৰা জিলাৰ এটা নিৰ্মীয়মান পথকলৈ সন্তুষ্ট নহয় স্থানীয় লোক । লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ চলি থকা পথটোত ব্য়াপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে । উল্লেখ যে, জিলা খনৰ জৰুৱাৰ চৰ পঞ্চায়তৰ ঝৰনাৰচৰ চতুৰ্থ খণ্ড গাঁওৰ পৰা পঞ্চম খণ্ড গাঁওলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ বাবে চৰকাৰে ২০২০-২১ বৰ্ষত এছ ও পি ডি আঁচনিৰ অধীনত ১ কোটি ১৭ লাখ ১৫ হাজাৰ ২১৭ টকা মঞ্জুৰী দিছিল । ইতিমধ্যে পথটোৰ নিৰ্মাণৰ কাম চলি আছে যদিওঁ সম্পূৰ্ণৰূপে আঁচনিৰ নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কাৰ্য্য চলি আছে বুলি অভিযোগ তুলিছে ৰাইজে । আঁচনি মতে পথটো ২০ ফুট বহল হ'ব লাগে যদিও ৰাইজে অভিযোগ কৰা মতে ঠায়ে ঠায়ে মাত্ৰ ১০ ৰ পৰা ১৫ ফুট বহলকৈ নিৰ্মাণ কৰিছে পথটো ।

পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি দক্ষিণ শালমাৰা সমষ্টিত !

পথটোৰ চতুৰ্থ খণ্ড গাঁওৰ এটা অংশত বানপানীৰ ফলত দ’ খাৱৈৰ সৃষ্টি হৈছিল যাৰ বাবে এক ভয়াবহতাৰ মাজেৰে এখন বাঁহৰ সাঁকোৰে কোনোমতে যাতায়ত কৰিছে স্থানীয় ৰাইজে । কিন্তু উক্ত স্থানত ঠিকাদাৰে মাটি নেপেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও জনাইছে ৰাইজে । স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীৰ সৈতে ঠিকাদাৰ বুজাবুজি কৰি আঁচনিৰ নীতি বহিৰ্ভূতভাৱে কাম কৰাৰো অভিযোগ তুলিছে ৰাইজে । যাৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰৰ ওচৰত উচিত তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে ।

লগতে পঢ়ক:আজমল অসমীয়া জাতিৰ বন্ধু নহয়: পদ্ম হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.