মানচিত্ৰৰ পৰা নিশ্চিহ্ন হ'ব নেকি দক্ষিণ শালমাৰা সমষ্টি ?

author img

By

Published : Feb 5, 2021, 7:59 PM IST

river-errosion-south-salmara-constituency

দক্ষিণ শালমাৰাত খৰালী কালতো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত ৷ প্ৰতিদিনে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছে বিস্তৰ অঞ্চল ৷

ধুবুৰী, 5 ফেব্ৰুৱাৰী : অসমৰ মানচিত্ৰৰ পৰা দিনক দিনে নিশ্চিহ্ন হৈ গৈ আছে দক্ষিণ শালমাৰা সমষ্টি । ইখনৰ পিচত সিখন গাঁও বিলীন হৈছে লুইতৰ গৰ্ভত । অব্যাহত আছে ফকিৰগঞ্জ অঞ্চলৰ গলাদিগি গাঁৱত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া ।

স্থানীয় ৰাইজ আৰু আছু নেতাৰ মন্তব্য

প্ৰতি বছৰে সমষ্টিটোৰ ইখনৰ পিচত সিখনকৈ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পিচত সম্প্ৰতি খৰালি দিনতো ব্ৰহ্মপুত্ৰই তাণ্ডৱ সৃষ্টি কৰিছে ফকিৰগঞ্জৰ গলাদিগি গাঁৱত । গলাদিগি প্ৰথম খণ্ড গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰই গ্ৰাস কৰাৰ পিচত গলাদিগি দ্বিতীয় খণ্ড গাঁও সম্পূৰ্ণৰূপে নিশ্চিহ্ন হোৱাৰ পথত ।

river-errosion-south-salmara-constituency
গৰাখহনীয়াৰ দৃশ্য়

ইফালে, ব্ৰহ্মপুত্ৰৰ কালৰূপী গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজ আৰু আছুৱে বিভিন্ন সময়ত দাবী জনাই আহিছিল যদিও স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী, সাংসদ বদৰুদ্দিন আজমলে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

river-errosion-south-salmara-constituency
গৰাখহনীয়াৰ দৃশ্য়

আনহাতে, শুকুৰবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক শ্বৰিফুল ইছলাম প্ৰধানীয়ে খহনিয়া অঞ্চলত উপস্থিত হৈ শীঘ্ৰে স্থানীয় বিধায়ক তথা সাংসদ গৰাকীক ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ বিজ্ঞানসন্মতভাৱে স্থায়ী প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা সৰ্ব সাধাৰণ ৰাইজক লৈ আছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷

river-errosion-south-salmara-constituency
গৰাখহনীয়াৰ দৃশ্য়

লগত পঢ়ক : ঊষাৰাণী চেলেঙলৈ অসম লেখিকা সন্থাৰ লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.