দক্ষিণ শালমাৰা মানকাচৰত কংগ্ৰেছৰ 'অসম বচাও আহক' অভিযান

author img

By

Published : Feb 27, 2021, 3:51 PM IST

দক্ষিণ শালমাৰা মানকাচৰত কংগ্ৰেছৰ 'অসম বচাও আহক' অভিযানত অংশগ্ৰহণ ৰকিবুল হুছেইনৰ

'মন্ত্ৰী ড০ হিমন্ত বিশ্ব ৰ্শমাৰ হাতীৰ দৰে দুই ধৰণৰ দাঁত আছে ! এটা খোৱাৰ দাঁত আৰু আনটো দাঁত মানুহক দেখুওৱাৰ বাবে আছে' । দক্ষিণ শালমাৰা মানকাচৰৰ নাগাৰবান্দত কংগ্ৰেছৰ 'অসম বচাও আহক' অভিযানত অংশ লৈ এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে । শুকুৰবাৰে জিলাখনৰ খাৰুৱাবান্ধা খেলপথাৰত অনুষ্ঠিত কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰিও ৰকিবুল হুছেইনে বিজেপিক তুলাধুনা দিয়ে ।

ধুবুৰী, ২৭ ফেব্ৰুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰতো অব্যাহত আছে কংগ্ৰেছৰ 'অসম বচাও আহক' অভিযান । শুকুৰবাৰে জিলাখনৰ খাৰুৱাবান্ধা খেলপথাৰ আৰু নাগাৰবান্দ 'অসম বচাও আহক' অভিযানৰ অংশ হিচাপে পৃথকে পৃথকে দুখন সভা অনুষ্ঠিত হয় । মানকাচৰৰ খাৰুৱাবান্ধা খেলপথাৰত অনুষ্ঠিত কংগ্ৰেছৰ সভাত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে ।

দক্ষিণ শালমাৰা মানকাচৰত কংগ্ৰেছৰ 'অসম বচাও আহক' অভিযানত অংশগ্ৰহণ ৰকিবুল হুছেইনৰ

ৰাজাবালাৰ পৰা খাৰুৱাবান্ধা খেলপথাৰলৈ প্ৰাক্তন মন্ত্ৰীগৰাকীক বিশাল বাইক ৰেলীৰে আদৰি আনে মানকাচৰ যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে । এই সভাত দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰী, মানকাচৰৰ বিধায়ক মতিয়ৰ ৰহমান মণ্ডলৰ লগতে বহু নেতা-কৰ্মী । সভাত ৰকিবুল হুছেইনে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক বতৰ বিজ্ঞানী আখ্যা দি কয় যে, মন্ত্ৰী ড০ শৰ্মাই জানে যে, এইবাৰ কংগ্ৰেছ দলৰ চৰকাৰ হ'ব সেয়ে ভয়ত নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দিতা নকৰে ।

লগতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে হেলিকপ্টাৰেৰে অহা-যোৱা কৰি ৬০ লাখ টকা খৰচ কৰে আৰু এই টকা ৰাইজৰ বুলি মন্তব্য কৰি সমালোচনা কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে । ২০২১ত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব বুলিও তেওঁ দাবী কৰে । আনহাতে, একেটা দিনতে 'অসম বচাও আহক' অভিযানৰ অংশ হিচাপে দক্ষিণ শালমাৰাৰ নাগাৰবান্দত অনুষ্ঠিত এক সভাতো অংশ লয় ৰকিবুল হুছেইনে ।

পুনৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে, হাতীৰ যিদৰে দুই ধৰণৰ দাঁত থাকে, তেনেদৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব ৰ্শমাৰো দুই ধৰণৰ দাঁত আছে । এটা খোৱাৰ দাঁত আৰু আনটো দাঁত মানুহক দেখুওৱাৰ বাবে আছে । প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে লগতে বিজেপিক চৰকাৰক গাদীচ্যুত কৰাৰ বাবে ৰাইজক আহ্বান জনায় । মুঠতে দুয়োখন সভাতে ৰকিবুল হুছেইনে একালৰ বন্ধু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰা পৰিলক্ষিত হয় ।


লগতে পঢ়ক:১ মাৰ্চৰ পৰা ৰাজ্যত বাধ্যতামূলক কৰ’ণাৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.