দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভোগালীক আদৰাৰ প্ৰস্তুতি

author img

By

Published : Jan 13, 2021, 7:12 PM IST

bhogali_Bihu

সমগ্ৰ ৰাজ্যত এতিয়া ভোগালীৰ আনন্দ। ঠায়ে ঠায়ে ভেলাঘৰ সাজি হেঁপাহৰ ভোগালীক আদৰাৰ বাবে চলিছে প্ৰস্তুতি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ আদৰ্শ গোপালপুৰ গাঁৱতো প্ৰথমবাৰৰ বাবে ভোগালীক আদৰাৰ বাবে চলিছে ব্যাপক আয়োজন।

ধুবুৰী,13 জানুৱাৰী : সমগ্ৰ ৰাজ্যত এতিয়া ভোগালীৰ আনন্দ। ঠায়ে ঠায়ে ভেলাঘৰ সাজি হেঁপাহৰ ভোগালীক আদৰাৰ বাবে চলিছে প্ৰস্তুতি। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ আদৰ্শ গোপালপুৰ গাঁৱত চলিছে ভোগালীক আদৰাৰ ব্যাপক আয়োজন।

bhogali_Bihu
দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভোগালীক আদৰাৰ প্ৰস্তুতি

গাঁওখনত প্ৰথমবাৰৰ বাবে ওলহ-মালহেৰে অনুষ্ঠিত হ‘ব এইবাৰৰ মাঘ বিহু ৷ ইপিনে প্ৰথমবাৰৰ বাবে বিহু অনুষ্ঠিত কৰিবলৈ পাই আনন্দিত হৈ পৰিছে গাঁওখনৰ ৰাইজ ৷ পথাৰত পিঠাগুৰি খুন্দাৰ লগতে বিহু গীতৰ তালে তালে নৃত্য কৰিছে ৰাইজে। তদুপৰি পথাৰত সাজি তোলা হৈছে কেইবাটাও আটকধুনীয়া ভেলাঘৰ।

bhogali_Bihu
দক্ষিণ শালমাৰা মানকাচৰ জিলাত ভোগালীক আদৰাৰ প্ৰস্তুতি

মুঠৰ ওপৰত জিলাখনত ৰামভোলাপাৰা আৰু আদৰ্শ গোপালপুৰ গাঁৱত এইবাৰ প্ৰথমবাৰৰ বাবে ভেলাঘৰ সাজি বিহু উদযাপন কৰিবলৈ সাজু হৈছে ৷

লগতে পঢ়ক: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ উৰুকাৰ দিনটোৰ কেইখনমান ছবি...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.