'কা' বাতিলৰ দাবীত হাটশিঙিমাৰীত আছুৰ অনশন

author img

By

Published : Mar 24, 2021, 7:01 PM IST

নাগৰিকত্ব সংশোধনী আইন বিৰোধী শ্ল'গানেৰে উত্তাল সমগ্ৰ ৰাজ্য

নাগৰিকত্ব সংশোধনী আইন বিৰোধী শ্ল'গানেৰে উত্তাল সমগ্ৰ ৰাজ্য । ৰাজ্যজুৰি ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ সদৌ অসম ছাত্ৰ সন্থাৰ । 'কা' বাতিলৰ দাবীৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ।

ধুবুৰী,২৪ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ শাসকীয় দল বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনাই বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে ছাত্ৰ সংগঠনটোৱে । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যৰ ভিন্ন প্ৰান্তত জিলা আৰু আঞ্চলিক সমিতিসমূহে ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ।

বুধবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা ছাত্ৰ সন্থাই হাটশিঙিমাৰীত বিক্ষোভ প্ৰদৰ্শন কৰে । উক্ত অনশন কাৰ্যসূচীত অংশ লৈ দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক ছৰিফুল ইছলাম প্ৰধানীয়ে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়নি দি কয় যে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে জাতিধ্বংসী 'কা' বাতিল নকৰালৈকে ধাৰাবাহিকভাৱে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব ছাত্ৰ সংগঠনটোৱে ।

এই অনশন কাৰ্যসূচীত জিলা আছুৰ শিক্ষা সম্পাদক মণিৰুল ইছলামৰ লগতে বিভিন্ন আঞ্চলিক সমিতিৰ আছুৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে । মুঠতে ৫ জন শ্বহীদৰ ত্যাগক অথলে যাবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিৰে আৰু নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ দি ৰাজ্য কঁপালে আছুৰ হাজাৰ হাজাৰ কৰ্মকৰ্তাই ।

লগতে পঢ়ক: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নগাঁও ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.